ETV Bharat / state

ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰত মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন

author img

By

Published : Aug 27, 2021, 9:54 PM IST

মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি উপলক্ষে শুকুৰবাৰৰ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ-নামঘৰসমূহ ৷ ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰতো উদযাপন কৰা হয় 425 সংখ্যক তিৰোভাৱ তিথি ৷

madhavdevs-death-anniversary-observed-at-the-historic-dhekiakhwa-barnaghar
ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰত মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন

টীয়ক,27 আগষ্ট: আজি পবিত্ৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথি তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাট জিলাৰ পূব প্ৰান্তত মহাপূৰুষজনাই নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰতো উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি ৷ ক'ভিডৰ পৰিস্থিতিৰ বাবে এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি ৷

ক'ভিড আতংকৰ বাবে পূৰ্বৰ দৰে উলহ মালহেৰে উদযাপন কৰিবলৈ পৰা নাই যদিও আধ্যাত্মিকতা ৰক্ষা কৰি আৰু চৰকাৰে বান্ধি দিয়া ক'ভিডৰ নীতি নিয়ম অৱলম্বন কৰি পুৱাই নামপ্ৰসংগ, দিহানামেৰে আৰম্ভ হয় দিনযোৰা কাৰ্যসূচীৰ ৷ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰৰ চৌহদ ৷

ঐতিহাসিক ঢেকীয়াখোৱা বৰনাঘৰত মাধৱদেৱৰ তিৰোভাৱ তিথি উদযাপন

উল্লেখ্য যে, মাধৱদেৱে বিষয়-বাসনাৰ প্ৰতি উৎসাহ নেদেখুৱাইছিল যদিও নিজৰ প্ৰতিজন শিষ্যকে খেতি-বাতি বা ব্যৱসায়-বাণিজ্যৰে স্বাৱলম্বী হ’বলৈ উৎসাহ দিছিল । ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল ‘নামঘোষা’ । এহেজাৰটা ঘোষা থকা বাবে নামঘোষাক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয় ।

মাধৱদেৱে একাধিক বৰগীত, ভটিমা, নাট (ঝুমুৰা) আদি ৰচনা কৰিছিল । মাধৱদেৱে বাৰকুৰি (দুশ চল্লিশ) বৰগীত ৰচনা কৰিছিল বুলি প্ৰবাদ আছে যদিও বৰ্তমান সৰ্বমুঠ নকুৰি এঘাৰটা (এশ একান্নবৈটা) মান গীতহে উপলব্ধ । অৱশ্যে, ইয়াৰ ভিতৰত কিছু সংখ্যক অংকীয়া নাটৰ গীতো সন্নিৱিস্ত হৈ আছে । তেওঁ সৰ্বমুঠ ১৫৭টা বৰগীত ৰচনা কৰিছে ৷

লগতে পঢ়কঃ মাধৱদেৱৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত মাজুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.