ETV Bharat / state

মাধৱদেৱৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত মাজুলী

author img

By

Published : Aug 27, 2021, 4:36 PM IST

আজি মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি ৷ 1596 চনত কোচবিহাৰৰ ভেলা সত্ৰত দেহাৱসান ঘটিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৷ মহাপুৰুষ গৰাকীৰ তিৰোভাৱ তিথি উপলক্ষে শুকুৰবাৰে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ নামঘৰৰসমূহ ৷ লগতে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় সত্ৰভূমি মাজুলী ৷

madhbdevs-425th-death-anniversary-observing-at-majuli
মাধৱদেৱৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত মাজুলী

মাজুলী,27 আগষ্ট: আজি মহাপুৰুষ মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য, যাক শ্ৰীমন্ত শংকৰদেৱে বঢ়াৰ পো বুলি সম্বোধন কৰিছিল, সেইজনা অৱতাৰি মহাপুৰুষৰ 425 সংখ্যক তিৰোভাৱ তিথি উপলক্ষে শুকুৰবাৰে দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় সত্ৰভূমি মাজুলী ৷ খোল তাল, বৰগীত, নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে মাজুলীৰ আকাশ-বতাহ ৷ শুকুৰবাৰে মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা নিশা দুপৰলৈ চাৰি নাম চৈধ্য প্ৰসংগ, খোল-তাল, বৰগীতৰ অমীয়া সুৰে মুখৰিত হৈ থাকিব ৷

মাজুলীৰ ভোগপুৰ, উত্তৰ কমলাবাৰী আৰু নতুন কমলাবাৰী সত্ৰত 4 দিনীয়াকৈ উদযাপন কৰিছে মহাপুৰুষ মাধৱদেৱৰ তিথি ৷ লগতে শুকুৰবাৰে পুৱাৰ পৰা পুৱাগীত, নামঘোষা কীৰ্তন ঘোষা আদিৰ পাছত গায়ন-বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি পৰিবেশিত হ'ব ৷ লগতে মাধৱদেৱৰ ঝুমুৰা নাটো পৰিবেশন কৰা হ'ব ৷

মাধৱদেৱৰ তিৰোভাৱ তিথিত দ্বিতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত মাজুলী

মাজুলীৰ 33 খন সত্ৰ আৰু চাৰি শতাধিক নামঘৰত শুকুৰবাৰে মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হৈছে ৷ নাম প্ৰসংগৰে মুখৰিত হৈ থাকিব এই সমূহ ধৰ্মীয় স্থান ৷

উল্লেখ্য যে, ঐতিহাসিক কমলাবাৰী সত্ৰত অতীতৰে পৰা মাধৱদেৱৰ তিথি বিস্তৃত তথা আড়ম্বৰপূৰ্ণ ভাৱে পালন কৰি অহা হৈছে ৷ ইয়াৰ কাৰ্যসূচী মূলঃত চাৰিদিনীয়া হয় ৷ সেইয়া হ'ল ক্ৰমে-চাউল ভোজনী, থাপনি, মূল কীৰ্তন আৰু ভাঙনী ৷ কমলাবাৰী সত্ৰৰ গুৰু কীৰ্তন হ'ল সত্ৰৰ সমূদায় সংগীত সম্ভাৰক অক্ষুন্ন-অবিছিন্ন ৰীতিৰে পৰিবেশন ধণ্য কৰি তোলা এটি বছৰেকীয়া কাৰ্যক্ৰমনিকা ৷ ইফালে মাজুলীৰ ঐতিহাসিক এলেঙী নৰসিংহ সত্ৰতো পৰম্পৰা ৰক্ষা কৰি পালন কৰিছে গুৰু তিথি ৷

ঐতিহাসিক এলেঙী নৰসিংহ সত্ৰত পুৱাৰে পৰা অনুষ্ঠিত হৈছে খোল-প্ৰসংগ, ভাগৱত,নাম প্ৰসংগ, ঠিয়নাম আদি । উল্লেখ্য যে, নৰসিংহ সত্ৰৰ ঠিয়নামৰ পৰম্পৰা তিনিশ বছৰ পুৰণি ৷ এই পৰম্পৰা অনুসৰি সকলো ভকত বৈষ্ণৱে বৰতাল লৈ ঠিয়নাম গায় ৷ নামৰ ধ্বনি যাতে চাৰিওফালে ৰাইজে শুনিব পাৰে, তাৰো ব্যৱস্থা আছে এই সত্ৰত ৷

লগতে পঢ়কঃ মহাপুৰুষ শ্ৰী শ্ৰী মাধাৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.