ETV Bharat / state

Bhelaghar at Teok: ভেলাঘৰ নিৰ্মাণত ব্যস্ত টীয়কৰ বামুণপুখুৰীবাসী

author img

By

Published : Jan 9, 2023, 4:51 PM IST

ৰাজ্যজুৰি ভোগালী বিহুক লৈ ব্যাপক উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে (Bhogali Bihu 2023) ৷ অসমীয়াৰ চেনেহৰ ভোগালী বিহুটি উদযাপনৰ কাৰণে সাজু হৈ উঠিছে প্ৰত্যেকগৰাকী অসমীয়া । টীয়কৰ জাঁজী বৰা গাঁৱতো চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ।

Locals are Busy Building Bhelaghar in Teok
টীয়কৰ জাঁজী বৰা গাঁৱতো চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

টীয়কৰ জাঁজী বৰা গাঁৱতো চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

টীয়ক, ৯ জানুৱাৰী: কুঁৱলীৰ আঁচলত ধৰি প্ৰাপ্তিৰ হাঁহি পিন্ধি পদুলি পালেহি কৃষিজীৱ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু (Bhogali Bihu 2023) । ভোগালী মানেই যেন বছৰজোৰা শ্ৰমৰ প্ৰাপ্তি । শাওনৰ সেউজীয়া সপোনে সোণোৱালী হৈ ভঁৰাল পূৰণ কৰাৰ সময় । আঙুলিৰ মূৰত দিন গণি গণি আকৌ পালেহি হেঁপাহৰ ভোগালী । ভোগৰ ভোগেৰে ভৰিছে ভঁৰাল । চিৰা-পিঠা সান্দহ খুন্দাত ব্যস্ত গৃহিণী । পথাৰৰ নৰা কাটি পথাৰতে ভেলাঘৰ সজাত ব্য়স্ত ডেকা-গাভৰু । প্ৰাপ্তিৰ আনন্দত জুৰিছে বিহুগীত । মাজত মাথো কেইটামান দিন বাকী । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে ভোগালীক আদৰাৰ প্ৰস্তুতি (Preparations to celebrate Bhogali Utsav in Teok) ।

সাজিছে ভিন্ন আকাৰৰ ভেলাঘৰ । পিছ পৰি ৰোৱা নাই টীয়কৰ জাঁজী বামুনপুখুৰী বৰা গাঁৱৰ ৰাইজো । গাঁৱৰ ৰাইজে বাৰিৰ বাঁহ আৰু পথাৰৰ পৰা নৰা কাটি নিৰ্মাণ কৰাত লাগিছে ভেলাঘৰ (Locals are Busy Building Bhelaghar in Teok) । গাঁৱৰ ডেকাহঁতে নিৰ্মাণ কৰি থকা ভেলাঘৰটিয়ে বৰ্তমান সকলোকে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । আনহাতে, গাঁৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৱে ভেলঘৰৰ বাকৰিত একেলগে কামৰ মাজতে বিহু গীতত গাই নাচি আনন্দত আত্মহাৰা হৈ পৰিৱেশ জীপাল কৰি তুলিছে ।

উল্লেখযোগ্য যে অসমীয়া চহা গ্ৰাম্য পৰিৱেশক বিষয় বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ভেলাঘৰৰটোত চহা অসমীয়াৰ জীৱন জীৱিকাত প্ৰয়োজনীয় বহু সামগ্ৰী যেনে নাঙল, মৈ, পল', খালৈ তাঁতশাল আদি প্ৰদৰ্শন কৰি নতুন প্ৰজন্মৰ লগত অসমীয়া চহা সমাজৰ পৰা ক্ৰমাত হেৰাই যাবলৈ উপক্ৰম হোৱা সেই সমূহ সামগ্ৰীক এক চিনাকি কৰিবলৈ প্ৰয়াস কৰিছে । ইতিমধ্য এই সকলোবোৰৰ প্ৰস্তুতিত ব্যস্ত গাঁৱৰ ৰাইজ ।

ইপিনে কাঠি-কামিৰে কিদৰে বাঁহৰ আচবাব তথা বেৰ, গাধৈ, খৰাহি, চালনী আদি সাজি উলিয়াব পাৰি তাৰো প্ৰশিক্ষণ দিছে বিজ্ঞজনে । লগতে উৰুকাৰ নিশা ভেলাঘৰৰ বাকৰিতে পৰম্পৰা ৰক্ষা কৰি লগে ভাগে এসাঁজ খোৱাৰ ব্যৱস্থা কৰিছে এইসকল ৰাইজে । সেয়ে এতিয়া এচামে যদি ভেলাঘৰ নিৰ্মাণ ব্যস্ত হৈ পৰিছে আকৌ আন এচামে উৰুকা নিশাৰ খোৱা বোৱাৰ ব্যৱস্থাত ব্যস্ত হৈ পৰিছে । লগতে উৰুকাৰ নিশা আনন্দ সম্প্ৰীতিৰে ভোজ ভাত খাই পাছদিনা অৰ্থাৎ বিহুৰ দিনা পুৱা বুঢ়া মেজি নীতি নিয়মৰ দাহন কৰি গাঁৱবাসীয়ে আশীৰ্বাদ গ্ৰহণ কৰাৰো দিহা কৰিছে ।

লগতে পঢ়ক: Mahendra Hazarika on Accident: বিজুতিপূৰ্ণ পথৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ মহেন্দ্ৰ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.