ETV Bharat / state

Bihu in Japan: জাপানত বিহু শিকাই যোৰহাট পালেহি কৰৱী গগৈ

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 7:41 AM IST

Karabi Gogoi teaches Bihu in Japan
জাপানত বিহু শিকাই যোৰহাট পালেহি কৰৱী গগৈ

যোৰহাটৰ এগৰাকী শিক্ষয়িত্ৰী, যাক লৈ গৌৰৱান্বিত যোৰহটীয়া ৰাইজ লগতে অসমবাসী । ২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীত যোৰহাট বাল্য ভৱন হাইস্কুল সহকাৰী শিক্ষয়ত্ৰী কৰৱী গগৈ আৰু ভাৰত আৰু জাপানৰ শিক্ষকৰ মাজত সম্পন্ন হয় বিনিময় কাৰ্যসূচী । জাপানৰ ছাত্ৰ-ছাত্ৰীক বিহু শিকাই যোৰহাট পালেহি কৰৱী গগৈ ।

জাপানত বিহু শিকাই যোৰহাট পালেহি কৰৱী গগৈ

যোৰহাট,১ অক্টোবৰ: জাপানৰ ট'কিঅ আৰু ট'চিগী চহৰৰ বিদ্যালয়ত এটা সপ্তাহ বিহু নৃত্যৰ ৫০ মিনিটৰ পাঠদান আৰু ভাৰতীয় শিক্ষাৰ পাঠ দান কৰি যোৰহাট পালেহি শিক্ষয়িত্ৰী কৰৱী গগৈ । ২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীত বাল্য ভৱন হাইস্কুল, যোৰহাটৰ সহকাৰী শিক্ষয়িত্ৰী কৰৱী গগৈক ভাৰত চৰকাৰৰ এগৰাকী শিক্ষয়িত্ৰীৰূপে নিমন্ত্ৰণ কৰা হৈছিল ।

ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা (ইউনেস্কো)ৰ এছিয়া-পেচিফিক সাংস্কৃতিক সংস্থা (ACCU) য়ে ২০১৬ চনৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়(Moe), জাপান চৰকাৰৰ শিক্ষা, সাংস্কৃতিক, ক্ৰীড়া, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয় (MEXT)তথা চেণ্টাৰ ফৰ এনভাইৰ'নমেণ্ট এডুকেশ্বন (CEE) ৰ সহযোগত ভাৰতৰ বিভিন্ন প্ৰাথমিক, মাধ্যমিক আৰু হাইস্কুলৰ পৰা বিনিময় কাৰ্যসূচীৰ বাবে শিক্ষক নিৰ্বাচন কৰিছিল ।

উল্লেখযোগ্য যে, চেণ্টাৰ ফৰ এনভাইৰ'মেণ্ট এডুকেশ্বন (CEE)য়ে ২০১৮ চনৰ পৰা অসমৰ ছয়খন বিদ্যালয়ত 'সুৰক্ষিত পথ,সুৰক্ষিত শিশু ' শীৰ্ষক এক প্ৰকল্প হাতত লৈ আহিছে । দেশৰ মুঠ ১২ গৰাকী শিক্ষকৰ ভিতৰত কৰৱী গগৈক CEE য়ে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শিক্ষকৰূপে উক্ত বিনিময় কাৰ্যসূচীৰ বাবে মনোনীত কৰিছিল । যোৱা ১৭ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰ লৈকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ অন্য ১১জন শিক্ষকৰ সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ।

শিক্ষয়িত্ৰী গগৈয়ে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অসমীয়া প্ৰতিনিধি ৰূপে অংশগ্ৰহণ কৰাৰ লগতে ট'চিগী চহৰৰ ইচিজ' জুনিয়ৰ হাইস্কুলত অসমৰ বাপতি সাহোন বিহু গীত-নৃত্যৰ পাঠদান কৰিছিল । শনিবাৰে যোৰহাটৰ বাল্য ভৱন বিদ্যালয়ত কৰৱী গগৈক অভিনন্দন জনোৱা হয় । আনহাতে যোৰহাটৰ ৮ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ আগত কৰৱী গগৈয়ে জাপান ভ্ৰমণৰ অভিজ্ঞতা বৰ্ণনা কৰে ।

লগতে পঢ়ক: Artificial Flood in Guwahati: নাৰেংগী, নুনমাটি, ভিআইপি পথৰ ওপৰত একাঠু পানী, কৃত্ৰিম বানৰ কবল মহানগৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.