ETV Bharat / state

JP Nadda in Jorhat: দেশৰ বাবে ভাল কাম কৰিলে সকলো চৰকাৰেই ভাল; ওম প্ৰকাশ গাট্টানী

author img

By

Published : Jun 18, 2023, 11:06 PM IST

যোৰহাটত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । যোৰহাটত উপস্থিত হৈ বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সাক্ষাৎ কৰে বিশিষ্ট ব্যৱসায়ী ওম প্ৰকাশ গাট্টানীক ।

JP Nadda meets businessman Om Prakash Gatrani
দেশৰ বাবে ভাল কাম কৰিলে সকলো চৰকাৰে ভাল : ওম প্ৰকাশ গাট্ৰানী

দেশৰ বাবে ভাল কাম কৰিলে সকলো চৰকাৰে ভাল : ওম প্ৰকাশ গাট্ৰানী

যোৰহাট, ১৮ জুন: সমাগত লোকসভা নিৰ্বাচন তাৰ বাবে যুদ্ধংদেহী তৎপৰতাৰে নামি পৰিছে ৰাষ্ট্ৰীয় দল ভাৰতীয় জনতা পাৰ্টী । ইফালে বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে ৩০ ৰ্মেত ৯ বছৰ সম্পূৰ্ণ কৰিলে । সেয়েহে বিজেপি চৰকাৰে তেওঁলোক কাৰ্যকালত কৰা উন্নয়ন আৰু বিভিন্ন কৰ্মৰাজি ৰাইজ মাজলৈ লৈ যোৱা প্ৰতিশ্ৰুতিৰে আৰু বিভিন্ন পৰামৰ্শ বিচাৰি আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান ।

আজি এই অভিযান অংশ হিচাপে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই যোৰহাটৰ বিশিষ্ট ব্যৱসায়ী ওম প্ৰকাশ গাট্টানীৰ বাসগৃহত উপস্থিত হৈ বিজেপি চৰকাৰে ৯ টা বছৰে কৰা কাৰ্যকলাপ সৰ্ম্পকে বিৱৰণ দিয়া লগতে তেওঁ পৰা বিগত সময়ত কৰিবলগীয়া বিভিন্ন পৰামৰ্শ বিচাৰে ।

ব্যৱসায়ী গাট্টানীয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে তেওঁ ঘৰত কৰাৰ পদাৰ্পন বাবে বিজেপিৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক কৃতজ্ঞতা জ্ঞাপন কৰে । বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে ৰাষ্ট্ৰীয় সভাপতিগৰাকী তেওঁ ঘৰত পদাৰ্পণ কৰা পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘যদি সমাজ বা দেশ আৰু অসম বাবে যি চৰকাৰে ভাল কাম কৰিব সেয়া চৰকাৰলৈ সমৰ্থন মোৰ থাকিবই ।’’

লগতে পঢ়ক: Flood at Kaziranga National Park: বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাৰণ ভৱিষ্যত প্ৰজন্মই সুস্থভাৱে জীয়াই থাকিব পৰা কাম কৰা চৰকাৰক মোৰ এই আহ্বান সদায় থাকিবই । উল্লেখ্য যে, বিজেপিয়ে সমগ্ৰ দেশত জনসম্পৰ্ক অভিযান জৰিয়তে বিজেপি চৰকাৰে ৯ টা বছৰে কৰা কাম-কাজ আৰু কাৰ্য বিৱৰণ লৈ গৈছে ৰাইজ ওচৰলৈ আৰু ৰাইজ পৰা বিভিন্ন পৰামৰ্শ বিচাৰিছে । বিজেপিয়ে জনসম্পৰ্ক অভিযান জৰিয়তে সমগ্ৰ দেশত লোকসভা নিৰ্বাচন ৰণডংকা বজোৱাৰ এক কৌশল হিচাপে গ্ৰহণ কৰিছে, এইয়া সময় আহ্বান । বিজেপি এই জনসম্পৰ্ক অভিযান ২০২৪ ৰ লোকসভা নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া সময়তহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: Danger in NHPC: NHPC সন্দৰ্ভত অসমৰ বিশেষজ্ঞ সমিতিৰ ভৱিষ্যদ্বাণী ফলিয়াইছে : আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.