ETV Bharat / state

Flood at Kaziranga National Park: বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Jun 18, 2023, 6:09 PM IST

Updated : Jun 18, 2023, 8:14 PM IST

Kaziranga national park on alert floodwaters
বানৰ কৱলত কাজিৰঙাৰ বিভিন্ন অঞ্চল

ৰাজ্যত অব্যাহত ধাৰাষাৰ বৰষুণ ৷ ধাৰাষাৰ বৰষুণৰ ফলত ওফন্দি উঠিছে নদীসমূহ ৷ জলমগ্ন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ন-ন অঞ্চল ৷ বানৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচূৰ হাতী কেম্প ৷

বানৰ কৱলত কাজিৰঙাৰ বিভিন্ন অঞ্চল

কাজিৰঙা, 18 জুন: ৰাজ্যত অব্যাহত প্ৰবল বৃষ্টিপাত । ধাৰাষাৰ বৰষুণৰ ফলত উফন্দি উঠিছে নদীসমূহ ৷ আনফলে NHPCৰ জলবোমাৰ আতংকত আতংকিত ৰাইজ ৷ বিশেষকৈ উত্তৰ অসমৰ লখিমপুৰ, ধেমাজিবাসীয়ে আতংকত দিন পাৰ কৰিছে ৷ আনহাতে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি আদিকে কৰি কেইবাখনো নদী ৷ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বান পৰিস্থিতি ৷ বানৰ ফলত ককবকাই থাকিব লগীয়া হৈছে সধাৰণ ৰাইজ ৷

ধেমাজি, মাজুলী, গহপুৰ আদি ৰাজ্যৰ ভিন্ন প্ৰন্তৰ দৰে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সংহাৰী ৰূপ । দৈনিক জলমগ্ন হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ন-ন অঞ্চল ৷ প্লাৱিত হৈছে কেইবাটাও বন বিভাগৰ কেম্প ৷ বানত প্লাবিত কেইটাও বন বিভাগৰ কেম্প ইতিমধ্যে নিৰাপধ স্থানলৈ স্থান্তৰিত কৰিছে ৷

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা বাঢ়নি পানীয়ে প্লাৱিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচূৰ হাতী কেম্প ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ নৈ, জান-জুৰিসমূহত বৃদ্ধি পোৱা পানীয়ে এতিয়া আংশিকভাৱে প্লাৱিত কৰিছে দেওচূৰ হাতী কেম্প ।

যদিও এই পৰ্যন্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী প্ৰৱেশ কৰা নাই । তথাপিও এনেদৰে বৰষুণৰ পৰিমাণ বৃদ্ধি পাই থাকিলে অচিৰেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ এলেকা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত পৰাৰ আশংকা নুই কৰিব নোৱাৰি । ইফালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচূৰৰ হাতী কেম্প এতিয়া আংশিকভাৱে প্লাৱিত হৈছে ।

বানৰ সময়ত লবলগীয়া সাৱধনতা অৱলম্ব কৰিছে বিভাগীয় ৰ্কতৃপক্ষই ৷ আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মী সকল জীৱকুলৰ ৰক্ষাৰ বাবে এতিয়া ২৪ ঘণ্টাই সষ্টম হৈ থকা দেখা গৈছে । বানৰ বাবে যাতে বন্য জীৱ-জন্তু ৰাষ্ট্ৰীয় ঘাই পথৰে পাৰ হওঁতে কোনো ধৰণৰ অসুবিধা সন্মুখীন নহয় তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিছে প্ৰশাসনে ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যান বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিয়ম বান্ধি দিয়াৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: Danger in NHPC: NHPC সন্দৰ্ভত অসমৰ বিশেষজ্ঞ সমিতিৰ ভৱিষ্যদ্বাণী ফলিয়াইছে : আপ

Last Updated :Jun 18, 2023, 8:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.