ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ বক্ষত অস্থি বিসৰ্জন তৰুণ গগৈৰ

author img

By

Published : Dec 9, 2020, 9:50 PM IST

নিমাতী ঘাটত বিসৰ্জন দিয়া হয় সদ্য প্রয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি । যোৰহাটৰ কাছাৰী ময়দানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখাৰ পিচত বিয়লি নিমাতী ঘাটত তৰুণ গগৈৰ অস্থি বিসৰ্জন দিয়া হয় ।

former-assam-chief-minister-tarun-gogois-remains-were-laid-to-rest-at-jorhat
ব্ৰহ্মপুত্ৰৰ বক্ষত অস্থি বিসৰ্জন তৰুণ গগৈৰ

যোৰহাট, 9 ডিচেম্বৰ : মঙলবাৰে বিয়লি নিমাতী ঘাটত বিসৰ্জন দিয়া হয় সদ্য প্রয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি । যোৰহাটৰ কাছাৰী ময়দানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখাৰ পিচত বিয়লি নিমাতী ঘাটত তৰুণ গগৈৰ অস্থি বিসৰ্জন দিয়া হয় ।

former-assam-chief-minister-tarun-gogois-remains-were-laid-to-rest-at-jorhat
অস্থি বিসৰ্জন দিয়াৰ মূহুৰ্তত

পত্নী ডলি গগৈয়ে বন্তি প্ৰজ্বলন কৰি প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাই স্বামীৰ চিতা ভষ্মৰ কাষত । যোৰহাটৰ কাছাৰী ময়দানত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে পুত্ৰ গৌৰৱ গগৈও । তাই আহোম সকলৰ মুলুঙয়ৰে শ্ৰদ্ধাঞ্জলি জনাই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জনলৈ । সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰো আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত । অনুষ্ঠানত উপস্থিত থাকে অসমৰ কংগ্ৰেছৰ ত্বতাবধায়ক জিতেন্দ্ৰ সিং, ৰেকিবুদ্দিন আহমেদ, আব্দুল খালেক, প্ৰদ্যুৎ বৰদলৈ, ভাতৃ দ্বীপ গগৈ, ৰাণা গোস্বামী, দেবব্ৰত শইকীয়া, ৰকিবুল হুছেইন, বিস্মিতা গগৈকে আদি কৰি কংগেছৰ বহু জ্যেষ্ঠ নেতা ।

অস্থি বিসৰ্জন দিয়াৰ মূহুৰ্তত

উল্লেখ্য যে, যোৰহাটৰ পৰাই তেখেতৰ অস্থি তিতাবৰ, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, মাজুলীকে আদি কৰি 7 টা স্থানলৈ নিয়া হয় ৷ বিয়লি যোৰহাটৰ কাছাৰী ময়দানৰ পৰা অস্থি লৈ যোৱা হয় নিমাতী ঘাটলৈ আৰু তাৰ পৰা নাৱেৰে অস্থি বিসৰ্জন দিয়া হয় বৰ লুইতত ।

লগতে পঢ়ক : ক'ভিড প্ৰতিষেধক : দেশত ফেব্ৰুৱাৰীৰ শেষৰ পৰা সাধাৰণ জনতাৰ বাবে উপলব্ধ হ'ব ক'ভেক্সিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.