ETV Bharat / state

Attempt to murder case: সময়মতে ভাত নিদিয়াৰ বাবেই কন্যাক ঘপিয়ালে পিতৃয়ে

author img

By

Published : Apr 18, 2023, 10:17 PM IST

Father stabbed daughter at Sinamora
সময়মতে ভাত নিদিয়াৰ বাবে কন্যাক ঘপিয়ালে পিতৃয়ে

যোৰহাটৰ চিনামৰাত এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে (Attempt to murder case)৷ পিতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হ’ল কন্যা (Father stabbed daughter at Sinamora)৷

সময়মতে ভাত নিদিয়াৰ বাবে কন্যাক ঘপিয়ালে পিতৃয়ে

যোৰহাট, 18 এপ্ৰিল : এতিয়া মৃত্যু যেন তেনেই সুলভ ৷ ৰাজ্যত প্ৰতিদিনেই অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোনাম দখল কৰি থকাৰ সময়তে যোৰহাট চিনামৰা ৰে’লৱে কলনীত নৃশংসকাণ্ড সংঘটিত হৈছে (Attempt to murder case) ৷ সময়মতে ভাত খাবলৈ নোপৱাৰ বাবে পিতৃৰ দাৰ ঘাপত ৰক্তাক্ত হ’ল কন্যা ৷ সম্প্ৰতি সংকটজনক অৱস্থাত যুৱতীগৰাকীক যোৰহাট মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে (Father stabbed daughter at Sinamora) ৷

ঘটনা বিৱৰণী অনুসৰি ভাৰতীয় ৰে’লৱেত কৰ্মৰত লাল বাহাদুৰ ৰামে কৰ্মসূত্ৰে চিনামৰা ৰে’লৱে কলনীত পত্নী, কন্যাৰ সৈতে সুখে শান্তিৰে বসবাস কৰি আহিছিল (Father tried to killed daughter) ৷ কিন্তু এই সুখৰ সংসাৰত আউল লাগিল মংগলবাৰে ৷

আজি নিজৰ কৰ্তব্য সম্পাদন কৰি আহি ঘৰলৈ ভাত খাবলৈ বুলি আহিছিল ৰামে ৷ তেওঁৰ পত্নীও প্ৰতিদিনে কামলৈ যায় বাবে ঘৰত উপস্থিত নাছিল ৷ ঘৰত কেৱল তেওঁলোকৰ কন্যাগৰাকীহে আছিল ৷ ইফালে পিতৃ অহালৈ ভাত বনোৱা নাছিল কন্যাগৰাকীয়ে ৷ পিতৃয়ে ভাত বিচৰাত ভাত বাঢ়ি দিব পৰা নাছিল কন্যাই (Father attempt to murder daughter)৷

ইফালে কেইবাদিন ধৰি ভিতৰি ভিতৰি এক বিশেষ কাৰণত কন্যাৰ প্ৰতি অসন্তুষ্ট হৈ আছিল লাল বাহাদুৰ ৷ সেই খঙে চুলিৰ আগ পোৱাত হিতাহিত জ্ঞান হেৰুৱাই ওচৰতে থকা এখন দাৰে পিতৃ লাল বাহাদুৰে নিজ কন্যাক উপৰ্যুপৰি ঘপিয়াই ৷ ফলত পিতৃ দাৰ ঘাপত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কন্যাগৰাকী ৷

লগে লগে পিতৃ দাৰ গাপত তেজৰে ৰাঙলী হৈ মুমূৰ্ষ অৱস্থাত মজিয়াত ঢলি পৰা যুৱতীগৰাকীক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ নিজ কন্যাক ঘপিয়াই মৃত্যু দুৱাৰডলিলৈ থেলি পঠিওৱা পাষন পিতৃ লাল বাহাদুৰক ইতিমধ্যে চিনামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে (Police arrested accused father)৷ লাল বাহাদুৰক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Anti drugs drive: ড্ৰাগ ডিষ্ট্ৰিব্যুটৰৰ নামত মানকাচৰত চলিছে বৰবিহৰ বেহা

উল্লেখযোগ্য যে, ৰাজ্যত দিনক দিনে হত্যাকাণ্ড দৰে ঘটনা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে (murder case increased in Assam) ৷ সামান্য কথাতেই কোনো বাচ বিচাৰ নকৰাকৈ হত্যাকাণ্ড সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ হৈছে একাংশ লোকে ৷ ফলত এটা পৰিয়াল বা এখন সমাজলৈ এনেবোৰ ঘটনাই ঘোৰ অমানিশা কঢ়িয়াই আনিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.