ETV Bharat / state

JB College Principal Joins ABVP: যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষই গ্ৰহণ কৰিছে ABVP ৰ সদস্যপদ: বিশ্বজিত মহন্ত

author img

By

Published : Aug 7, 2023, 7:34 PM IST

JB College Principal Join ABVP
যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষ গ্ৰহণ কৰিছে ABVP ৰ সদস্যপদ

যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষই এবিভিপিৰ সদস্যপদ গ্ৰহণ কৰাৰ কথা স্বীকাৰ যোৰহাট জিলা সংযোজক বিশ্বজিত মহন্তৰ ৷ সংগঠনটো বিৰুদ্ধে অপ-প্ৰচাৰ চলোৱাৰ অভিযোগত মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভা সাধাৰণ সম্পাদক অৰুণাভ দত্তৰ বিৰুদ্ধে মানহানি গোচৰ । জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ লগতে অসম মহিলা বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকেও গ্ৰহণ কৰিছে এবিভিপি সদস্যপদ ।

ABVP ৰ যোৰহাট জিলা সংযোজক বিশ্বজিত মহন্ত

যোৰহাট, ৭ আগষ্ট: যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যপদ গ্ৰহণ কৰাৰ কথা পুনৰবাৰ স্পষ্টভাৱে প্ৰকাশ কৰিলে সংগঠনটো যোৰহাট জিলা সংযোজক বিশ্বজিত মহন্তই । এবিভিপিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষাগুৰুসকলে স্ব-ইচ্ছাই সদস্য পদ গ্ৰহণ কৰিব পাৰে, আমাৰ সংগঠনে বিদ্যালয় আৰু মহাবিদ্যালয় শিক্ষাগুৰুসকলক অভিভাৱক হিচাপে প্ৰাধান্য দিয়ে আৰু আমাৰ ছাত্র সংগঠনটোৰ অসম প্ৰদেশ সভাপতিজন হ’ল অধ্যাপক ৷ যোৰহাট জিলা সংযোজক বিশ্বজিত মহন্তই উল্লেখ কৰে এই কথা ৷

বৰ্তমান যোৰহাট বিভিন্ন শিক্ষানুষ্ঠানৰ ৫ জনৰ পৰা ৬ জন শিক্ষাগুৰুৱে সদস্য পদ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে জিলা সংযোজকগৰাকীয়ে । তাৎপৰ্যপূৰ্ণ যে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষই এবিভিপি সদস্য পদ গ্ৰহণ কৰাৰ খবৰ বিয়পি পৰা লগে লগে মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক অৰুণাভ দত্তই সামাজিক মাধ্যমত পোষ্ট কৰে ৷ মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদকজনৰ এই পোষ্টৰ পাচতেই এবিভিপিৰ ওপৰত কৰা অ-সংবিধানিক মন্তব্য কৰাৰ অভিযোগ তুলি এবিভিপিৰ সদস্যসকলে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে ।

JB College Principal Join ABVP
যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষ গ্ৰহণ কৰিছে ABVP ৰ সদস্যপদ

উল্লেখ্য যে জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্র একতা সভাৰ সম্পাদক অৰুণাভ দত্তই সামাজিক মাধ্যমত এবিভিপিয়ে অস্ত্ৰ-চালনা প্ৰশিক্ষণ দিয়ে বুলি উল্লেখ কৰাৰ পাছতেই এবিভিপিয়ে কোনো অস্ত্ৰ প্ৰশিক্ষণ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে সংগঠনটো যোৰহাট জিলা সংযোজক বিশ্বজিত মহন্তই । আনহাতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে এবিভিপিত যোগদান কৰিছে আৰু অধ্যক্ষগৰাকীয়ে এবিভিপিক পূৰ্ণ সমৰ্থন কৰি আহিছে আৰু আগলৈও কৰি যাব বুলি তেওঁ উল্লেখ কৰে ৷ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষ লগতে অসম মহিলা বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকেও ইতিমধ্যে এবিভিপি সদস্যপদ গ্ৰহণ কৰিছে । জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী আৰু ছাত্র একতা সভা সংবাদ মাধ্যমক এই সম্পৰ্কত মন্তব্য দিয়াৰ পৰা বিৰত আছে ।

JB College Principal Join ABVP
যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় অধ্যক্ষ গ্ৰহণ কৰিছে ABVP ৰ সদস্যপদ

লগতে পঢ়ক: Press Meet of ABVP in Guwahati:মহানগৰীত ৩০ হাজাৰ সদস্য ভৰ্তিৰ লক্ষ্য ABVP ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.