ETV Bharat / state

মাজুলী-যোৰহাট সংযোগী দলং কেতিয়াও নহয়: ভূপেন বৰা

author img

By

Published : Feb 21, 2021, 9:59 AM IST

Updated : Feb 21, 2021, 10:51 AM IST

মাজুলীত কংগ্ৰেছৰ অসম বচাও কাৰ্য্যসূচী
মাজুলীত কংগ্ৰেছৰ অসম বচাও কাৰ্য্যসূচী

শনিবাৰে মাজুলীৰ অফলামুখ তথা দক্ষিণপাট অঞ্চলৰ খহনীয়াগ্ৰস্ত লোকসকলৰ লগতে জেংৰাইমুখ আৰু মাজৰদেউৰীতো অনুষ্ঠিত কৰা হৈছে কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নিৰ্বাচন প্ৰচাৰ কমিটিৰ অধ্যক্ষ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাসহ কংগ্ৰেছৰ বহু সদস্য ৷

মাজুলী,২১ ফেব্ৰুৱাৰীঃ সমাগত 2021 চনৰ অসম বিধানসভাৰ নিৰ্বাচন ৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে যিমানেই তৎপৰতা বাঢ়িছে ৰাজনৈতিক দল তথা নেতাসমূহৰ মাজত ৷ শনিবাৰে মাজুলীৰ অফলামুখ তথা দক্ষিণপাট অঞ্চলৰ খহনীয়াগ্ৰস্ত লোকসকলৰ লগতে জেংৰাইমুখ আৰু মাজৰদেউৰীতো অনুষ্ঠিত কৰা হৈছে কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচী ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ নিৰ্বাচন প্ৰচাৰ কমিটিৰ অধ্যক্ষ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাসহ কংগ্ৰেছৰ বহু সদস্য ৷

মাজুলী যোৰহাট সংযোগী দলং কোনো কাহিনীও নহয়ঃ ভূপেন বৰা

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে ৰাজ্যত ঢৌ উঠিছে আধাৰশিলা স্থাপন আৰু ৰাজনৈতিক নেতাৰ প্ৰতিশ্ৰুতিৰ বন্যা ৷ এই কাৰ্যসূচীত অংশ লৈ কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচীত অংশ লৈ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ সাহিত্যৰাজি, সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে মাজুলীবাসীক দিয়ে প্ৰতিশ্ৰুতি ৷ প্ৰয়াত সত্ৰাধিকাৰ গোস্বামীৰ প্ৰতিচ্ছবিতো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সাংসদ গৰাকীয়ে ৷

মাজুলীত কংগ্ৰেছৰ অসম বচাও কাৰ্য্যসূচী

ইফালে কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচীত অংশ লৈ বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাই অংশগ্ৰহণ কৰি বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় ৷ আনকি মোডীৰ ভেল্কীবাজিত মোহ গৈ মোৰ মাহীয়েও মোক ২০১৬ চনত ভোট দিয়া নাছিল । গতিকে এতিয়া সকলোৱে বুজি পাইছে বিজেপিৰ মিথ্যাচাৰ । মাজুলী-যোৰহাট সংযোগী দলং কোনো কাহিনীও নহয় বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে ৷ কেৱল বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন বৰাই নহয়, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগুৱেও মাজুলী-যোৰহাট সংযোগী দলংখন নহয় বুলি মন্তব্য প্ৰদান কৰে ।

লগতে পঢ়কঃ নিৰ্বাচনৰ পূৰ্বে জুবিনৰ ‘ৰাজনীতি’

Last Updated :Feb 21, 2021, 10:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.