ETV Bharat / state

মুখ্যমন্ত্ৰীক সাক্ষাতৰ পৰা বঞ্চিত যুৱকৰ আৱৰ্ত ভৱনত তাণ্ডৱ

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 6:23 PM IST

CM Himanta in Jorhat: যোৰহাট জিলাৰ লিচুবাৰীত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পিচতেই জিলাখনত নিজেই উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ৷ কিন্তু ইয়াৰ মাজতেই মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গৈ লগ নাপায় খঙত অগ্নিশৰ্মা হৈ পৰে এজন যুৱক ৷ তাৰ পিচত...

CM IN JORHAT
Etv Bharatমুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পৰা বঞ্চিত এজন যুৱক

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পৰা বঞ্চিত এজন যুৱক

যোৰহাট, 17 ডিচেম্বৰ : যোৱা বৃহস্পতিবাৰ অৰ্থাৎ 14 ডিচেম্বৰত আলফা (স্বাধীন) এ বোমা বিস্ফোৰণ কৰাৰ ঘটনাৰ পিচতেই দেওবাৰে যোৰহাট জিলালৈ ৰাওনা হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ যোৰহাটৰ ৰ’ৰৈয়া বিমানবন্দৰ পৰাৰ পোনে পোনে যোৰহাট আৱৰ্ত ভৱনলৈ আহে মুখ্যমন্ত্ৰীগৰাকী ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে আৱৰ্ত ভৱনত জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ উচ্চপ্ৰদস্থ বিষয়াসকলৰ লগত উন্নয়ণমূলক আঁচনিৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয় ৷ ইফালে এই বৈঠকৰ সময়তে আৱৰ্ত ভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত এক অনাকাংক্ষিত পৰিৱেশ সৃষ্টি কৰে এজন যুৱকে ।

এই যুৱকজনৰ ইচ্ছা আছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এবাৰ সাক্ষাৎ কৰাৰ । কিন্তু যুৱকজনক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ আৰক্ষী প্ৰশাসনে অনুমতি প্ৰদান নকৰাৰ বাবে সেই স্থানতে চিঞৰ বাখৰ কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে । এনেদৰে হঠাত এজন যুৱকে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱাত আৰক্ষী আৰু প্ৰশাসনৰ লোকসকলৰ মাজত এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয় ৷ পিচত আৰক্ষীয়ে যুৱকজনক নিয়ন্ত্ৰণ কৰে যদিও মুখ্যমন্ত্ৰীয়ে আৱৰ্ত ভৱনৰ পৰাৰ ওলাই যোৱাৰ সময়ত আৰ্ৱত ভৱনৰ সন্মুখত পুনৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰে যুৱকজনে ।

অৱশ্যে যুৱকজন মুকবধিৰ বুলি জানিব পৰা গৈছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট ভ্ৰমণৰ সময়ত সাংবাদ মাধ্যমক কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰে । আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰৰ পানী যোগানকে আদি কৰি বিভিন্ন উন্নয়নমূলক আঁচনি বিষয়ে বিভিন্ন বিভাগৰ পৰা বিভিন্ন প্ৰস্তাৱ লোৱাৰ লগতে আইন-শৃংখলাৰ পৰিস্থিতিৰ কথা বুজ লয় বুলি জানিব পৰা গৈছে ৷

লক্ষণীয় যে, উজনি অসমৰ তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটত শেহতীয়াকৈ কেবাটাও বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ এই বোমা বিস্ফোৰণৰ পাচতেই ৰাজ্যখনৰ নিৰাপত্তা ব্যৱস্থাটোক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছে ৷

লগতে পঢ়ক: যোৰহাট বোমা বিস্ফোৰণ : লিচুবাৰীৰ 41 নং সেনা শিবিৰত উপস্থিত NIA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.