ETV Bharat / state

ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্ত্ৰাৰ

author img

By

Published : Sep 21, 2022, 9:16 PM IST

Chutia Student Union protest in Jorhat
ছয় জনগোষ্ঠীক জনজাতিকৰণ স্বীকৃতি প্ৰদান নকৰিলে চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্ত্ৰাৰ

অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুণৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে (Six community of Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো উত্তাল প্ৰতিবাদ সাব্যস্ত চুতীয়া ছাত্ৰ সন্ত্ৰাৰ (Chutia Student Union protest in Jorhat) ৷

যোৰহাট, 21 ছেপ্টেম্বৰ: অসমক বাদ দি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্য ক্ৰমে তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক, হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ৰ মুঠ বাৰটা জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিবলৈ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লোৱাৰ পিছতেই অসমত পুণৰ ক্ষোভ আৰু প্ৰতিবাদৰ উদ্গীৰণ ঘটিছে ৷ কাৰণ কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তৰ তালিকাত নাই অসমৰ ছয় জনগোষ্ঠীৰ নাম ৷

অসমৰ ছটাকৈ জনগোষ্ঠীয়ে বিগত সুদীৰ্ঘ সময়জুৰি জনজাতিকৰণৰ বাবে দাবী তুলি আহিছে (Scheduling of six tribes) ৷ অথচ কেন্দ্ৰীয় কেবিনেটে এইবাৰো যি ৫ খন ৰাজ্যৰ ১২ টাকৈ জনগোষ্ঠীক জনজাতিকৰণৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে তাত উল্লেখ নাথাকিল অসমৰ মৰাণ, মটক, চুতীয়া, কোচ-ৰাজবংশী, তাই-আহোম আৰু চাহ জনগোষ্ঠীৰ নাম । অসমৰ ছয় জনগোষ্ঠীক (Six tribes of Assam) জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়াও ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠনসমূহ ।

ছয় জনগোষ্ঠীক জনজাতিকৰণ স্বীকৃতি প্ৰদান নকৰিলে চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ চুতীয়া ছাত্ৰ সন্ত্ৰাৰ

কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক বঞ্চনা কৰাৰ বাবে ৰাজ্যজুৰি সাব্যস্ত হৈছে প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটতো উত্তাল প্ৰতিবাদ সাব্যস্ত চুতীয়া ছাত্ৰ সন্ত্ৰাৰ (Chutia Student Union protest in Jorhat)৷ আজি যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চুতীয়া জাতিক জনজাতিকৰণৰ দাবীত এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰিলে চুতিয়া ছাত্ৰ সন্থাৰ কৰ্মীসকলে ।

প্ৰতিবাদস্থলীত চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মীয়ে কয়, "আগন্তুক দিনত যদি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান নকৰে তেন্তে 2024 বৰ্ষৰ নিৰ্বাচনত গোটেই অসমত এক জনমত গঠন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনক উফৰাই দিবলৈ বাধ্য হ’ম "৷

উল্লেখ্য যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চন লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি আজি কোপতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল ৷

লগতে পঢ়ক: ধেমাজিত জ্বলিল প্ৰধানমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ জুমুঠি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.