ধেমাজিত জ্বলিল প্ৰধানমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ জুমুঠি

author img

By

Published : Sep 16, 2022, 10:42 PM IST

ধেমাজিত জ্বলিল প্ৰধানমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ জুমুঠি

ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত অব্যাহত আছে প্ৰতিবাদ (Chutia Student Union protest in Dhemaji)৷ শুকুৰবাৰে ধেমাজিত জ্বলিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ জুমুঠি ৷

ধেমাজি, 16 ছেপ্টেম্বৰ: ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত ৰাজ্যজুৰি অব্যাহত প্ৰতিবাদ ৷ কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তত অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰসংগই স্থান লাভ নকৰাত অধিক প্ৰতিবাদমুখৰ হৈ পৰিছে ৰাজ্য ৷

অসমৰ ছয় জনগোষ্ঠী কোঁচ-ৰাজবংশী, মৰাণ, মটক, চুতীয়া, চাহ-জনগোষ্ঠী আৰু আহোমে জনজাতিকৰণৰ দাবীৰে দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে (ST status of six communities)৷ ইয়াৰ পাছতো চৰকাৰে বিষয়টো গুৰুত্ব নিদিয়াত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ৷

শুকুৰবাৰে ধেমাজিতো দেখা গ’ল প্ৰতিবাদমুখৰ পৰিৱেশ (Chutia Student Union protest in Dhemaji) ৷ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ ধেমাজি নগৰৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অজুন মুণ্ডাৰ জুমুঠি জ্বলাই বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে প্ৰতিবাদ জনায়(Effigy burn in Dhemaji) ৷

লগতে পঢ়ক: ২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ ঘোষণা ছয় জনগোষ্ঠীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.