ETV Bharat / state

ৰাহুলৰ ন্যায় যাত্ৰাই আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব : জীতেন্দ্ৰ সিং

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 6:04 PM IST

Bharat Jodo Nyay Yatra : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি পঞ্চমটো দিন ৷ বৃহস্পতিবাৰে পুৱাই হালোৱাটিং হৈ অসমত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ ইয়াৰ পিচতে যোৰহাটৰ মৰিয়নীলৈ পদযাত্ৰা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ নেতাগৰাকী উপস্থিত হোৱাৰ পূৰ্বে মৰিয়নীত কংগ্ৰেছৰ সদস্যসকলে আয়োজন কৰে এক সংবাদমেলৰ ৷

Bharat Jodo Nyay Yatra
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

যোৰহাট, 18 জানুৱাৰী : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত যোৰহাটবাসী ৰাইজৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে ৷ বৃহস্পতিবাৰে মৰিয়নীত সৰ্বভাৰতীয় কংগ্ৰেছ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিং, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সবিশেষ কাৰ্যসূচী ওপৰত আলোকপাত কৰি এক সংবাদমেল সম্বোধন কৰে ।

এই সংবাদমেলতে ৰাজ্যিক সভাপতি ভূপেন বৰাই কয় যে ৰাহুল গান্ধীক পথত হাজাৰ হাজাৰ পুৰুষ মহিলাই আদৰণি জনাইছে । গতিকে কংগ্ৰেছৰ জনপ্ৰিয়তা কিমান ইয়াৰ দ্বাৰাই জনা যায় । কংগ্ৰেছৰ পৰা বহিস্কৃত কংগ্ৰেছ নেত্ৰী অংকতি দত্তৰ সন্দৰ্ভত ভূপেন বৰাই কেতবোৰ মন্তব্য কৰে ৷

তেওঁ কয়, ‘‘অংকিতা দত্তই কংগ্ৰেছৰ এসময়ৰ নেতা তথা তেওঁ পিতৃ অঞ্জন দত্তকো প্ৰবঞ্চনা কৰিছে’’ । কেন্দ্ৰীয় নেতা তথা অসমৰ তত্ত্বাবধায়ক জিতেন্দ্ৰ সিঙে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাই 2024 ৰ লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত যথেষ্ট হাৰত প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে ।

আনহাতে, সবভাৰতীয় কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোক ৰাজনৈতিভাৱে কৰা সমষ্টি নিৰ্ধাৰণ বুলি মন্তব্য কৰে । আনহাতে, ভূপেন বৰাই কয় য়ে মুখ্যমন্ত্ৰীৰ ইচ্ছা মতে হোৱা সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়াটো কংগ্ৰেছৰ শাসনলৈ আহিলে পুনৰ সমষ্টি নিৰ্ধাৰণ কৰা হ'ব ৷

উল্লেখ্য যে, বুধবাৰে মৰিয়নীত আয়োজিত এই সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, কেন্দ্ৰীয় নেতা জীতেন্দ্ৰ সিং, কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ উপস্থিত থাকে ৷

লগতে পঢ়ক : ভাৰত জোড়ো ন্যায় যাত্ৰা : অসম পালেহি ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.