ETV Bharat / state

কংগ্ৰেছৰ দীৰ্ঘদিনৰ শাসনকালত বিকাশৰ বাবে কোনো আঁচনি গ্ৰহণ নকৰিলে: অতুল বৰা

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 6:00 PM IST

"অসমত উৎপাদিত খাদ্য শস্য আৰু অন্যান্য সামগ্ৰী ৰপ্তানি ১৬ হাজাৰ কোটিলৈ বৃদ্ধি পাব । ২০২২-২০২৩ বৰ্ষত ৪ হাজাৰ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰা হৈছে ।" মঙলবাৰে যোৰহাট ঢেকৰগঢ়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত বিকশিত ভাৰত সংকল্প যাত্রাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে অতুল বৰাই ।

Bikashit Bharat Sankalp Yatra held in Jorhat
যোৰহাটত বিকশিত ভাৰত সকল্প যাত্রাত অংশগ্ৰহণ

যোৰহাটত বিকশিত ভাৰত সকল্প যাত্রাত অংশগ্ৰহণ

যোৰহাট,১৯ ডিচেম্বৰ: মঙলবাৰে যোৰহাট ঢেকৰগঢ়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজহুৱা ৰংগমঞ্চত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্রাত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী অতুল বৰাই । উক্ত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয় যে দেশৰ জনসাধাৰণৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ বাবে গ্ৰহণ কৰাৰ আঁচনি আৰু বিভিন্ন কাৰ্যসূচী জৰিয়তে আজি জনসাধাৰণ উপকৃত হৈছে আৰু এইক্ষেত্ৰত ৰাইজ সজাগ-সচেতন ।

লগতে তেওঁ কয় যে এটা সময়ত বহু বছৰ বছৰ ধৰি দেশ আৰু ৰাজ্যত কংগ্ৰেছে শাসন কৰিছিল । যদি সেই সময়ত বিভিন্ন কাৰ্যসূচী আৰু বিকাশৰ বাবে আঁচনি গ্ৰহণ কৰিলেহেতেন, তেতিয়া জনসাধাৰণৰ বিভিন্ন সমস্যাৰ সন্মুখীন ন'হলহেতেন । আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰিব বাবে গ্ৰহণ কৰা আত্মনিৰ্ভৰ অসমৰ লগতে বিভিন্ন কাৰ্যসূচী আৰু আঁচনি গ্ৰহণ কৰা কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে অতুল বৰাই কয় যে অসমত উৎপাদিত বিভিন্ন খাদ্য শস্য ৰপ্তানি কৰাৰ ক্ষেত্ৰত বহুদুৰ আগবাঢ়ি যোৱাৰ লগতে ২০২২-২০২৩ বৰ্ষত ৪,০০০ কোটি টকাৰ খাদ্য শস্য ৰপ্তানি কৰিবলৈ সক্ষম হৈছে । বিভিন্ন সংস্থাই প্ৰকাশ কৰাৰ মতে বিগত কেইবছৰমানৰ পিছত অসমে ১৬,০০০ কোটি টকা বিভিন্ন খাদ্য শস্য আৰু অন্যান্য সামগ্ৰী ৰপ্তানি কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

ইয়াৰোপৰি কৃষি পথাৰত কম সময়ৰ ভিতৰত সাৰ, ঔষধ ব্যৱহাৰ কৰি খেতিয়কসকল উপকৃত হ'ব পৰা বিশেষ স্প্ৰে-ড্ৰোণ মুকলি কৰে মন্ত্ৰী বৰাই । মন্ত্ৰীগৰাকীয়ে লগতে খেল মহাৰণ আৰু সাংস্কৃতিক মহাৰণৰ বিভিন্ন প্ৰতিযোগিতাত সফলতা লাভ কৰা সকলক পুৰস্কৃত কৰে ।

লগতে পঢ়ক: শিক্ষকসকলে চৰকাৰী চাকৰি কৰিছে যেতিয়া চৰকাৰী নিয়ম মানিবই লাগিব: ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.