ETV Bharat / state

75 Years of Independence : প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে জোনাইত বৃহৎ স্বাস্থ্য মেলা

author img

By

Published : Apr 20, 2022, 2:12 PM IST

azadi-ka-amrit-mahotsav-celebrated-at-jonai
প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে জোনাইত বৃহৎ স্বাস্থ্য মেলা

দেশৰ স্বাধীনতাৰ 75 বছৰ পূৰ্ণ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশমৰ্মে জোনাইত অনুষ্ঠিত কৰা হৈছে স্বাস্থ্য মেলা(Azadi ka Amrit Mahotsav celebrations at Jonai) ৷ এই মেলাত সহযোগ কৰিছে জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ৷

জোনাই, 20 এপ্ৰিল : দেশৰ স্বাধীনতা লাভৰ 75 বছৰ পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱ ৷ বিভিন্ন বাৰে ৰহণীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে ৷

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি জোনাইত অনুষ্ঠিত কৰা হৈছে স্বাস্থ্য মেলা(Azadi ka Amrit Mahotsav celebrations at Jonai) ৷ বুধবাৰে জোনাইৰ অন্তৰ্গত ৰুক্মিণীআলি মধ্য ইংৰাজী বিদ্যালয়ত মহকুমা স্বাস্থ্য বিষয়া ডাঃ কিশোৰ কুমাৰ কামানৰ নেতৃত্বত এই স্বাস্থ্য মেলাখন অনুষ্ঠিত কৰা হয় ৷ ধেমাজি জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত তথা জোনাই খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত বৃহৎ স্বাস্থ্য মেলাখনৰ উদ্বোধন কৰে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷

এই স্বাস্থ্য মেলাত স্ত্ৰী ৰোগ, চৰ্মৰোগ, ডাইবেটিছ, দাঁত আদিৰ সমস্যাসমূহ অভিজ্ঞ চিকিৎসকৰ সহায়ত পৰীক্ষা কৰি পৰামৰ্শ আগবঢ়োৱা হয় ৷ তদুপৰি যিসকল লোকে বৰ্তমান পৰ্যন্ত কৰ’ণাৰ প্ৰতিষেধক গ্ৰহণ কৰা নাছিল, সেই সকলক প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷

জোনাইত আজাদী কা অমৃত মহোৎসৱ উদযাপন

এই মূহুৰ্তলৈকে 415 গৰাকী ৰোগীক চিকিৎসকে চিকিৎসা সেৱা আগবঢ়োৱাৰ বিপৰীতে 95 গৰাকীক কৰ’ণাৰ প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷ তদুপৰি চিকিৎসা মেলাখনত অস্থায়ীভাৱে পৰীক্ষাগাৰ স্থাপন কৰি ৰোগীসকলৰ বিভিন্ন ৰোগৰ পৰীক্ষা কৰাৰো ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুকীয়াকৈ যোগাসনৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে স্বাস্থ্য বিভাগে ৷ এই স্বাস্থ্য মেলাত উপস্থিত থাকে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন দাস, জোনাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱা, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাং, জিলা পৰিষদৰ সদস্য অতুল চন্দ্ৰ পেগুৰ লগতে চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসকসকল ৷

লগতে চাওক: শিৱসাগৰৰ শিশু গৃহত আজাদী কী অমৃত মহোৎসৱ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.