ETV Bharat / state

টীয়কত অগ্নিকাণ্ডত সৰ্বহাৰা পৰিয়ালৰ কাষত আছু নেতা

author img

By

Published : Feb 5, 2021, 10:46 PM IST

Updated : Feb 5, 2021, 10:56 PM IST

assu-leader-visit-jahnjimukh-teok
জুই জাহ যোৱা টীয়কৰ তিনিটা পৰিয়ালৰ কাষত আছু নেতা

কিছুদিন পূৰ্বে যোৱা টীয়কৰ ওপৰশগুনপাৰা গাঁৱত অগ্নিকাণ্ডত জাহ যোৱা তিনিটাকৈ বাসগৃহ শুকুৰবাৰে পৰিদৰ্শন কৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আছুৰ এটা বিষয়ববীয়া দলে ৷ পৰিদৰ্শনৰ পিচতে আছুৱে পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণ, বাসগৃহ নিৰ্মাণ, খাদ্য সামগ্ৰী আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাৰ সামগ্ৰী প্ৰদান কৰিবলৈ দাবী জনায় ৷

টীয়ক, 5 ফেব্ৰুৱাৰী : যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত ওপৰশগুনপাৰা গাঁৱত কিছুদিন পূৰ্বে জুইত জাহ যোৱা তিনিটা বাসগৃহ শুকুৰবাৰে পৰিদৰ্শন কৰে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আছুৰ এটা বিষয়ববীয়াৰ দলে ৷ টীয়ক বিদ্যুৎ সংমণ্ডলৰ চূড়ান্ত গাফিলতিৰ বাবে বাসগৃহ তিনিটা জুইত জাহ যোৱাৰ অভিযোগ উত্থাপন কৰে আছুৰ বিষয়ববীয়া সকলে ৷

টীয়কত অগ্নিকাণ্ডত সৰ্বহাৰা পৰিয়ালৰ কাষত আছু নেতা

উল্লেখ্য যে, এই দুৰ্ভগীয়া পৰিয়ালকেইটাৰ পৰিস্থিতৰ বুজ লয় আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য জিতু নেওগ, যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক যদুমণি বৰুৱা, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক ৰণ্টু ভূঞা, শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱব্ৰত শইকীয়া, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক প্ৰাঞ্জল দত্ত আদিয়ে ।

assu-leader-visit-jahnjimukh-teok
জুই জাহ যোৱা টীয়কৰ তিনিটা পৰিয়ালৰ কাষত আছু নেতা

আনহাতে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পাপু কলিতা আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল দত্ত স্বাক্ষৰিত এখনি স্মাৰকপত্ৰ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী আৰু যোৰহাট জিলা উপায়ুক্তক প্ৰদান কৰিছে বুলি সাংবাদিকক জানিবলৈ দিছে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে । স্মাৰকপত্ৰত উল্লেখ থকা অনুসৰি আছুৱে পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণ, বাসগৃহ নিৰ্মাণ, খাদ্য সামগ্ৰী আৰু অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাৰ সামগ্ৰী প্ৰদান কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক: অৱশেষত মোহৰ পৰিল এজেপি-ৰাইজৰ দলৰ মিত্ৰতাত

Last Updated :Feb 5, 2021, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.