ETV Bharat / state

Assamese Bihu traditions: ৰঙালী বিহুত খোৱা এশ এবিধ শাকৰ ঔষধি গুণাগুণৰ কথা কেতিয়াবা ভাবি চাইছেনে ?

author img

By

Published : Apr 14, 2023, 8:32 PM IST

tradition of eating hundred and one kind of vegetables
গৰু বিহুত খোৱা এশ এবিধ শাক

বিহুৰ পৰম্পৰা ৰক্ষা কৰি অসমীয়াই প্ৰত্যেক ৰঙালী বিহুত এশ এবিধ শাকৰ জুটি লয় ৷ ঢেকীয়া, মানিমুনিৰ পৰা আৰম্ভ কৰি জাতিলাও, ৰঙালাওৰ আগলৈকে সকলো মিশ্ৰণেৰে তৈয়াৰী এই সুস্বাদু ব্যঞ্জনবিধৰো আছে নানান ঔষধি গুণাগুণ (Tradition of eating hundred and one kind of xaak) ৷

গৰু বিহুত খোৱা এশ এবিধ শাক

যোৰহাট, 14 এপ্ৰিল : সমগ্ৰ ৰাজ্যতে চলিছে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন । বিহুক লৈ ব্যস্ততাৰ সীমা নোহোৱা হৈছে গাঁৱৰ জীয়াৰী-বোৱাৰী, ডেকা-গাভৰুসকলৰ । পিছ পৰি ৰোৱা নাই নগৰাঞ্চলো । ঢোল-পেঁপা-গগণাৰ শব্দত ৰজনজনাই পৰিছে সমগ্ৰ ৰাজ্য । বিহু আৰু কৃষিৰ মাজত আছে এক নিৱিড় সম্পৰ্ক । ৰঙালী বিহুত অসমীয়া সমাজ জীৱনৰ কিছুমান এৰাব নোৱাৰা পৰম্পৰা আছে । সময়ৰ গতিত তথা আধুনিকতাৰ পৰশ পাই কিছু কিছু পৰম্পৰা চকুৰ সন্মুখতে হেৰাই যাবলৈ ধৰিছে । ব'হাগ বিহুত চলি অহা বিভিন্ন লোক পৰম্পৰাৰ ভিতৰত অন্যতম হ’ল এশ এবিধ শাক খোৱা (tradition of eating hundred and one kind of xaak) ।

আজি গৰু বিহু ৷ গৰু বিহুৰ দিনা গৰুক নোৱাই-ধোৱাই ন পঘাৰে গৰু বান্ধি সন্ধিয়ালৈ পৰিয়ালৰ সকলোৱে মিলি এসাঁজ খোৱাৰ পৰম্পৰা আছে অসমীয়া সমাজত ৷ গৰু বিহুৰ দিনা দিনত প্ৰায় সকলোৱে দৈ-চিৰা জলপান খাই ৰাতিলৈ একেলগে ভাত খোৱাৰ যো-জা চলাই ৷ গৰু বিহুৰ দিনাৰ ভাত সাজৰ এক বিশেষত্ব হ’ল যে, সেইদিনা অসমীয়াই বাৰীৰ পৰা এশ এবিধ শাক বুটলি ভাতৰ লগত এই বিশেষ আঞ্জাখন খাই (Goru bihu tradition) ৷

পৰম্পৰা ৰক্ষা কৰি খোৱা এই এশ এবিধ শাকৰ আছে নানা ঔষধি গুণাগুণ ৷ গাঁও অঞ্চলত সকলোৰে বাৰীতে শাক উপলব্ধ যদিও নগৰাঞ্চলত শাক কিনিবলৈ মানুহে বজাৰলৈ লৰ দিব লাগে ৷ গাঁৱৰ শাক-পাচলিৰ ব্যৱসায়ীয়ে নিজৰ বাৰীৰ পৰা চহৰলৈ লৈ আহে এই শাক বেচিবলৈ ৷ নগৰাঞ্চলৰ লোকে উক্ত শাক ক্ৰয় কৰিয়েই ৰক্ষা কৰে বিহুৰ পৰম্পৰা ৷ যোৰহাটতো দেখা গ’ল এই দৃশ্য (Rangali bihu eating hundred and one kind of xaak) ৷

ব'হাগৰ বিহুৰ বতৰত খোৱা এনে শাকৰ ঔষধি গুণ আছে । বিভিন্ন ধৰণৰ ৰোগ উপশম বা নিৰাময় ঘটায় বুলি অসমীয়া সমাজত এক জনবিশ্বাস আছে । ফলত গৰু বিহুৰ দিনা এই শাকৰ মিশ্ৰণ সকলোৱে খায় । উক্ত দিনা অনিষ্টকাৰী শাকো ঔষধি গুণলৈ পৰিণত হৈ পৰে বুলিও প্ৰবাদ আছে ।

গৰু বিহু দিনা খোৱা এশ এবিধ শাকৰ ভিতৰত আছে মানিমুনি, ঢেকীয়া, দোৰোণ, পালেং, মচনদৰী, ভেদাই লতা, সৰু মানিমুনি, বৰ মানিমুনি, কচু, কলমৌ, ক’লাকচু, বৰকচু, জিলমিল, মাটি কাদুৰী, পালেং, দুৱৰি, জাতিলাও, তিয়ঁহ, দীঘলতি, খুতুৰা, চেংমৰা, লাইশাক, লফা, আদা, তুলসী, কেৰেলা, হালধী, জালুক, ভেকুৰি তিতা, বন জালুক, বিলাহী, বেঙেনা, টেঙা, চেংমৰা, আনাৰসৰ কোঁহ, বৰ্হমথুৰি, জালুক, মাটিমাহ, মেজেঙা, মধুৰি, মৰাণ আদা, বিহলঙনি, পুৰৈ, লফা, জেটুলিপকা, চোৰাতৰ কোঁহ, দহীকচু, ৰঙালাও, জিকা আদিকে ধৰি বিভিন্ন শাক-পাচলি (hundred and one kind of xaak) ।

নগৰাঞ্চলৰ লোকৰ বাবে সহজলভ্য হৈ পৰিছে যোৰহাট নগৰ বিভিন্ন বজাৰত এশ এবিধ শাক আৰু এই এশ এবিধ শাক কিনিবলৈ গ্ৰাহকৰ ভীৰ পৰিলক্ষিত হৈছে । এই এশ এবিধ শাক খোৱাৰ লগতে গৰু বিহুত আমৰলি পৰুৱা টোপো খায় বহুতে । এই টোপ খালে বিভিন্ন দুৰাৰোগ্য ৰোগে আক্ৰমণ কৰিব নোৱাৰে বুলি জনবিশ্বাস আছে ।

লগতে পঢ়ক : Goru Bihu 2023 : গধূলিলৈ গো-ধনক আদৰিবলৈ সাজু বিশ্বনাথবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.