ETV Bharat / state

CM in Jorhat: চৰকাৰৰ টাৰ্গেট 32 লাখ অৰুণোদয় হিতাধিকাৰী; সুদূৰ পৰাহত উজনিৰ ফ’ৰলেন !

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 4:38 PM IST

beneficiaries in Orunodoi Scheme
Assam Orunodoi Scheme

যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ হিতাধিকাৰীৰ মাজত অৰুণোদয় আঁচনি বিতৰণ কৰি এই আঁচনিক লৈ ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত ব্যাখ্যা মুখ্যমন্ত্ৰীৰ ৷ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব শিৱসাগৰ মেডিকেল কলেজ আৰু লাচিত মৈদাম ৷

যোৰহাটত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

যোৰহাট, 12 অক্টোবৰ: অৰণোদয় আঁচনিৰ অধীনত মুঠ ৩২ লাখ হিতাধিকাৰী অন্তৰ্ভুক্তিৰ লক্ষ্য চৰকাৰৰ । ফেব্ৰুৱাৰীত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা শিৱসাগৰ মেডিকেল কলেজ আৰু লাচিত বৰফুনক স্মাৰক প্ৰকল্প ৷ যোৰহাটত ঘোষণা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ অৰুণোদয় আঁচনি ২.O ৰ অধীনত পুনৰ ১০ লাখ ৫৪ হাজাৰ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ এক বৃহৎ কাৰ্যসূচী বৃহস্পতিবাৰে যোৰহাটৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা হয় । এই আঁচনিৰ জৰিয়তে ৪১৪০ কোটি টকা ব্যয় কৰা হ’ব । যোৰহাটত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

আনহাতে অনাগত সময়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা ৩২ লাখলৈ বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । এই কাৰ্যসূচীতে কনকলতা মহিলা আৰ্বান কো-অপাৰেটিভ বেংক আৰু টোকোলাই চাহ গৱেষণা কেন্দ্ৰলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰা হয় ।

যোৰহাটৰ ১০ গৰাকী মহিলাক এই কাৰ্যসূচীত প্ৰতীকি ৰূপত অৰুণোদয় আঁচনিৰ মঞ্জুৰি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । নিজা ভাষণত মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিৰ বিষয়ে সবিশেষ জনোৱাৰ লগতে নতুন হিতাধিকাৰীয়ে অহা নৱেম্বৰ মাহৰ ১০ তাৰিখৰ পৰা এই আঁচিনৰ ধন লাভ কৰিব বুলিও মন্তব্য কৰে ।

অভিনৱ বিন্দ্ৰা ফাউনণ্ডেচন,অইল, এন আৰ এল আৰু অসম চৰকাৰ সহযোগত যোৰহাটত ২৩ কোটি টকা ব্যয় সাপেক্ষে ভাৰতৰ দ্বিতীয়টো উন্নত মানদণ্ডৰ এথলেটিক কেন্দ্ৰ নিৰ্মাণ কৰা হৈছে ৷ প্ৰতিবছৰে ২.৫০ কোটি টকা ব্যয় হ'ব । অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত শিৱসাগৰ মেডিকেল কলেজ আৰু লাচিত মৈদামৰ কাম সম্পূৰ্ণ কৰা লক্ষ্য স্থিৰ কৰিছে চৰকাৰে । এই প্ৰকল্প দুটা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰা সম্ভৱনা আছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ইফালে উজনি অসমত চাৰিলেন যুক্ত পথ নিৰ্মাণ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অহা বাৰিষাৰ পূৰ্বে চাৰিলেন যুক্ত ঘাইপথ কাম সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে ৰাজ্যৰ বাকী স্থানত চাৰিলেন যুক্ত পথ নিৰ্মাণ সফলতাৰে হৈছে যদিও উজনিত বাৰে বাৰে সমস্যাৰ সৃষ্টি হৈছে ৷ কেইবাটাও নিৰ্মাণ সংস্থাই কাম হাতত লৈও নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাই ৷ এইক্ষেত্ৰত কেৰোণ ক’ত লাগি আছে সেয়া নিজেও ধৰিব পৰা নাই বুলি কয় মুখ্যমন্ত্ৰী শৰ্মাই ৷

ইফালে কে এল অ’ৰ সেনাধ্যক্ষ জীৱন সিংহৰ সৈতে আলোচনাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে সিংহ অসম চৰকাৰৰ আলহী হৈ আছে । কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনা চলি আছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷

আজিৰ এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰী তথা যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ, সাংসদ্বয় কামাখ্যা প্ৰসাদ তাচা, তপন গগৈ, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালী আৰু ৰাজ্য চৰকাৰৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী উপস্থিত থাকে ।

লগতে পঢ়ক: Assam CM in Jorhat : যোৰহাট ষ্টেডিয়াম প্ৰাংগণত ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.