Assam CM in Jorhat : যোৰহাট ষ্টেডিয়াম প্ৰাংগণত ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ মুকলি

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:19 PM IST

thumbnail

যোৰহাট, 12 অক্টোবৰ : আজি অৰ্থাৎ বৃহস্পতিবাৰে যোৰহাট ষ্টেডিয়াম প্ৰাংগণত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী শৰ্মাই ক্ৰীড়াপ্ৰেমী ৰাইজ বাবে অইল আৰু এন আৰ এলৰ চি এছ আৰ আঁচনিৰ অধীনত উচ্চ প্ৰদৰ্শনকাৰী ক্ৰীড়া প্ৰশিক্ষণ আৰু পুনৰ্বাসন কেন্দ্ৰ মুকলি কৰে ৷

ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে এন আৰ এল বিষয়াসকলৰ সৈতে এই ক্ৰীড়া প্ৰকল্প জৰিয়তে কিদৰে ক্ৰীড়া প্ৰতিভা বিকাশ হ'ব তাৰ সন্দৰ্ভত এক আলোচনা মিলিত হয় । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্যালয় একাংশ শিক্ষাৰ্থী সৈতেও মত বিনিময় কৰে আৰু তেওঁৰ অনুৰাগীসকলৰ সৈতেও আলোকচিত্ৰ সংগ্ৰহ কৰে ৷

আনহাতে, আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটস্থিত টোকোলাই চাহ গৱেষণা কেন্দ্ৰলৈ 10 কোটি টকা আৰু কনকলতা মহিলা বেংকলৈয়ো কোটি টকাৰ অনুদান আগৱঢ়ায় । তাপৰ্যপূৰ্ণ যে, মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্চ প্ৰদৰ্শনকাৰীৰ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ শৰীৰ চৰ্চা কেন্দ্ৰত নিজেই শৰীৰ চৰ্চা কৰা কৰাও দেখিবলৈ পোৱা যায় ।

আজিৰ দিনটোৰ সকলো অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে নিশাটো যোৰহাটতে কটাব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Helpline numbers issued : বিহাৰৰ ৰে'ল দুৰ্ঘটনাৰ পাছতে কেইবাটাও ষ্টেচনৰ বাবে হেল্পলাইন নম্বৰ মুকলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.