ETV Bharat / state

Jorhat Mob Lynching : আৰক্ষীৰ জালত আন এক অভিযুক্ত

author img

By

Published : Dec 4, 2021, 12:50 PM IST

Updated : Dec 4, 2021, 1:03 PM IST

Jorhat mob lynching case
আৰক্ষীৰ জালত আন এগৰাকী অভিযুক্ত

যোৰহাটৰ নাৰকীয় ঘটনা সন্দৰ্ভত আন এগৰাকী যুৱকক কৰায়ত্ত কৰিছে আৰক্ষীয়ে(Another accused of Jorhat Mob Lynching Case Caught) । যোৰহাটৰ বড়িপাৰাৰ পৰা প্ৰিয়াংশু দাস ওৰফে টিলৈক কৰায়ত্ত । ঘটনা সন্দৰ্ভত কৰায়ত্ত কৰা লোকৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি ।

যোৰহাট, ৪ ডিচেম্বৰ : শেহতীয়াকৈ যোৰহাটত সংঘটিত নাৰকীয় ঘটনাই জোঁকাৰি গৈছে সমগ্ৰ অসম (Jorhat Mob lynching case)। আছু নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল । অসম আৰক্ষীয়ে ঘটনাৰ লগত জড়িত প্ৰায় ১৩ গৰাকীক কৰায়ত্ত কৰিছিল (Police caught 13 on Jorhat murder case) ।

অৱশ্যে ইয়াৰে মূল অভিযুক্ত ক'লা ল'ৰা ওৰফে নিৰজ দাসৰ ইতিমধ্যে মৃত্যু হৈছে (Death of Jorhat Mob Lynching Accused) । বাকী ১২ জনৰ ভিতৰত ৫ জনক ন্যায়িক জিম্মালৈ আৰু ৭ জনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ ঘটনাৰ সৈতে জড়িত বাকী লোকসকলক বিচাৰি বিভিন্ন স্থানত অব্যাহত ৰাখিছে অভিযান ।

আৰক্ষীয়ে উক্ত গণপ্ৰহাৰৰ ভিডিঅ' ফুটেজ আৰু ফটো প্ৰচাৰ কৰি অভিযুক্তসকলৰ সন্ধান পালে আৰক্ষীক জনাবলৈ ৰাইজক আহ্বান জনাইছিল । অভিযুক্তক আটক কৰাৰ উদ্দেশ্যে ৰাইজৰ সুবিধা হোৱাকৈ আৰক্ষীয়ে হোৱাটছ এপ নম্বৰো মুকলি কৰিছিল ।

ইয়াৰ পাছতে আন এগৰাকী ঘটনাৰ অভিযুক্ত আৰক্ষীৰ জালত পৰিছে । ৰাইজে আৰক্ষীলৈ প্ৰেৰণ কৰা ভিডিঅ'ৰ জৰিয়তে আৰক্ষীয়ে বড়িপাৰাৰ পৰা প্ৰিয়াংশু দাস ওৰফে টিলৈক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে (Another Jorhat murder case accused caught) । ইয়াৰ লগে লগে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়ি ১৪ গৰাকী লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : Jorhat Mob Lynching : তথ্য প্ৰদানৰ বাবে আৰক্ষীয়ে মুকলি কৰিলে ই-মেইল আৰু হোৱাটচ এপ নম্বৰ

Last Updated :Dec 4, 2021, 1:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.