ETV Bharat / state

AASU protest against price hike: যোৰহাট উপায়ুক্ত কাৰ্যালয়ত বিক্ষোভ আছুৰ

author img

By

Published : Oct 13, 2022, 4:02 PM IST

AASU protest against price hike
যোৰহাট উপায়ুক্ত কাৰ্যালয়ত বিক্ষোভ আছুৰ

মুল্যবৃদ্ধি নিয়ন্ত্ৰণত চুড়ান্ত ব্যৰ্থ ৰাজ্য চৰকাৰ আৰু নিমাত যোগান বিভাগ । ৰাজ্যৰ ভিন্ন প্ৰান্তত সদৌ অসম ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে (AASU Protest against price hike)।

যোৰহাট, ১৩ অক্টোবৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে (Protest against price hike)। সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (AASU protest)। ৰাজ্য চৰকাৰে সম্পত্তিৰ ওপৰত জাপি দিয়া অতিৰিক্ত কৰৰ বোজা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটতো দেখা গ'ল আছুৰ প্ৰতিবাদ ।

যোৰহাট উপায়ুক্ত কাৰ্যালয়ত বিক্ষোভ আছুৰ

বৃহস্পতিবাৰে যোৰহাট জিলা ছাত্র সন্থাৰ উদ্যোগত ৰাজ্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Jorhat AASU protest against price hike)। ৰাজ্যৰ যোগান মন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে আছুৰ প্ৰতিবাদকাৰীসকলে । অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নহ'লে আগন্তুক দিনত ভয়ংকৰ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত মূল্যবৃদ্ধিৰ প্ৰতিবাদত উক্ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে যোৰহাট জিলা ছাত্র সন্থাই (Jorhat District Students Union protest) । প্ৰতিবাদকাৰীসকলে ক্ষোভেৰে কয় যে বৰ্তমান সমগ্ৰ ৰাজ্যতেই ব্যাপক হাৰত অত্যাৱশ্যকীয় খাদ্য আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে । ফলত সৰ্বসাধাৰণ ৰাইজ কোঙা হৈছে । কাৰণ খাদ্য সামগ্ৰীত চৰকাৰে জি এছ টি (GST) প্ৰয়োগ কৰাৰ ফলত খাদ্য সামগ্ৰী অত্যাধিক হাৰত দাম বৃদ্ধি পৰিলক্ষিত হৈছে ।

প্ৰতিবাদকাৰীসকলে খাদ্য সামগ্ৰীৰ মুল্যবৃদ্ধি ৰোধ কৰক, চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায় আদি শ্ল'গানেৰে আছু কৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে । শতাধিক আছু কৰ্মীৰ উপস্থিতত আজি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত উক্ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

যোৰহাট জিলা আছুৰ সভাপতি সংকল্প গগৈয়ে কয় যে ৰাজ্যত ব্যাপক হাৰত খাদ্য আৰু ইন্ধনজাত সামগ্ৰীৰ মুল্যবৃদ্ধি দৈনিক বৃদ্ধি পোৱাৰ পিছতো ৰাজ্য চৰকাৰ নিমাতে থকা অতি দুভাৰ্গ্যজনক । ফলত দ্ৰৰিদ্ৰ জনসাধাৰণ আৰু মধ্যবিত্ত লোকসকল অধিক জুৰুলা হৈ পৰিছে । সেয়েহে জনসাধাৰণৰ স্বাৰ্থত চৰকাৰে এক ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন । উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক জিতু নেওগ, আছু যোৰহাট জিলা সভাপতি সংকল্প গগৈ আৰু সাধাৰণ সম্পাদক অৰ্জুনমনি ভূঞাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Erosion at Dibrugarh: ডিব্ৰুগড়ত সুৰক্ষা বান্ধত আশ্ৰয় অৰ্ধশতাধিক পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.