ETV Bharat / state

Jorhat-Majuli Bridge: যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কামৰ পৰা অব্যাহতি ১৫ জনকৈ চিকিউৰিটি গাৰ্ডক

author img

By

Published : Aug 21, 2023, 5:32 PM IST

Jorhat-Majuli Bridge
যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কামৰ পৰা অব্যাহতি ১৫ জনকৈ চিকিউৰিটি গাৰ্ডক

পুনৰ বহিৰাগত বিষয়াৰ বঞ্চনাৰ বলি থলুৱা শ্ৰমিক ৷ কোনো আগতীয়া জাননী জাৰি নকৰাকৈয়ে যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কামৰ পৰা অব্যাহতি দিলে ১৫ জনকৈ চিকিউৰিটি গাৰ্ডক ৷ ক্ষোভিত শ্ৰমিকে সাময়িকভাৱে বন্ধ কৰি দিয়ে দলঙৰ নিৰ্মাণ কাৰ্য ।

বহিৰাগত বিষয়াৰ বঞ্চনাৰ বলি থলুৱা শ্ৰমিক

টিয়ক, ২১ আগষ্ট: যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণত স্থবিৰতা অহা পৰিলক্ষিত হৈছে । যোৰহাট-মাজুলী সংযোগী আশাৰ সেঁতু নিৰ্মাণস্থলী হাতীশালত সোমবাৰে এজন বহিৰাগত বিষয়াৰ বঞ্চনাৰ বাবে নিৰ্মাণকাৰ্য বন্ধ হৈ পৰিছে । বহিৰাগত মিশ্ৰ উপাধিৰ বিষয়াজনে কোনো আগতীয়া জাননী নিদিয়াকৈ ১৫ জন স্থানীয় থলুৱা যুৱকক চিকিউৰিটি কামৰ পৰা আতঁৰাই দিয়াক লৈ ক্ষোভিত হৈ পৰে যুৱককেইজনৰ লগতে অঞ্চলটোৰ শতাধিক ৰাইজ ।

বহিৰাগত মিশ্ৰ উপাধিৰ বিষয়াজনৰ এই কাৰ্যৰ প্ৰতিবাদ জনাই ৰাইজে সাময়িকভাৱে বন্ধ কৰি দিয়ে দলঙৰ নিৰ্মাণ কাৰ্য । উল্লেখ্য যে, নিৰ্মাণকাৰী সংস্থা বি এন চিৰ কাৰ্যালয় আৰু গুদামত নিয়োজিত হৈ আছিল যুৱককেইজন । কিন্তু কোনো কাৰণ নোহোৱাকৈ নিশাৰ ভিতৰতে শ্ৰমিককেইজনক বহিৰাগত মিশ্ৰ উপাধিৰ লোকজনে কামৰ পৰা অব্যাহত দিয়ে ৷

ইফালে বহিৰাগত মিশ্ৰ উপাধিৰ বিষয়াজনৰ বাবেই দুটা মাহৰ পাৰিতোষিকৰ পৰাও তেওঁলোক বঞ্চিত হৈ আছিল বুলি অভিযোগ উত্থাপন হৈছে । ইফালে ৭১ টা খুটা সম্বলিত দলঙখনৰ যোৰহাটৰ দিশৰ হাতীশালত খুটাৰ কামৰ অগ্ৰগতিত উৎফুল্লিত হৈ পৰিছিল মাজুলী আৰু যোৰহাট দুয়োপাৰৰ জনতা ।

কিছুদিনৰ পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্মীয়মান দলঙখনৰ কামৰ অগ্ৰগতিৰ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক পৰিভ্ৰমণ কৰি ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰিছিল । তেনে প্ৰেক্ষাপটত স্থানীয় ৰাইজৰ সৈতে এনে সংঘাতে অনাগত সময়ত দলং নিৰ্মাণত বেমেজালিৰ সৃষ্টি কৰা আশংকাই দিছে । ইফালে বঞ্চিত যুৱকসকলে এইগৰাকী বহিৰাগত বিষয়াক তৎকালে কামৰ পৰা অব্যাহতি দিবলৈ কোম্পানীৰ কৰ্তৃপক্ষক দাবী জনাইছে ।

লগতে পঢ়ক: Jorhat Majuli Bridge: যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ধমকি বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.