ETV Bharat / state

বন্যাক্ৰান্তৰ আশ্ৰয়স্থলীত বন্যহস্তীৰ আগমণ

author img

By

Published : May 18, 2022, 6:29 PM IST

বানৰ কৱলত হাহাকৰ চৌদিশে ৷ বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ প্ৰায়সংখ্যক নৈ-উপনৈসমূহ ৷ তাৰ মাজতে হোজাইত বন্যাক্ৰান্তৰ আশ্ৰয়স্থলীত বন্যহস্তীৰ আগমণ (Wild elephants arrive at flooded area) ৷ এই ঘটনা হোজাইৰ ৰাইকতা চন্দনপুৰৰ ৷

wild-elephants-arrive-at-flooded-area-in-hojai
বন্যক্ৰান্তৰ আশ্ৰয়স্থলীত বন্যহস্তীৰ আগমণ

হোজাই, 18 মে’: বানৰ কৱলত পৰি হাতী-মানুহ উভয়েই দিশহাৰা ৷ বন্যাক্ৰান্তৰ আশ্ৰয়স্থলীত বন্যহস্তীৰ আগমণ ৷ মানুহৰ দৰে বিপদত পৰিছে হাতীও ৷ এই ঘটনা হোজাইৰ ৰাইকতা চন্দনপুৰৰ ৷ শেহতীয়াকৈ ৰাজ্যত ক্ৰমাৎ অধিক জটিল হৈ পৰিছে বান পৰিস্থিতি(Assam floods 2022) ৷

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ প্ৰায়সংখ্যক নৈ-উপনৈ ৷ বাঢ়নি পানীয়ে বুৰাই পেলাইছে ৰাজ্যৰ ভিন্ন অঞ্চল (Flood affected area in Assam) ৷ বানে উটুৱাই নিছে পথ ৷ বাঢ়নী পানীৰ ফলত ছিঙিছে মথাউৰি, পথতেই বাগৰি পৰিছে গছ ৷ সম্প্ৰতি বন্যাৰ্তৰ মাজত লাগিছে হাহাকাৰ ৷

বন্যক্ৰান্তৰ আশ্ৰয়স্থলীত বন্যহস্তীৰ আগমণ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখিয়াকৈ শেহতীয়াকৈ বানৰ কৱলত পৰিছে হোজাইবাসী ৷ ধাৰাষাৰ বৰষুণ আৰু খৰস্ৰোতা কপিলী নদীৰ বাঢ়নি পানীয়ে উতুৱাই লৈ গ’ল এটা মথাউৰি ৷ মথাউৰিটো ছিঙি যোৱাত জলমগ্ন হৈ পৰিছে হোজাইৰ বিভিন্ন অঞ্চল ৷ কপিলী নৈৰ পানীৰে সকলো ঠাই জলমগ্ন হোৱাত অঞ্চলটোৰ ৰাইজে আশ্ৰয় লৈছিল ওখ স্তান অথবা পথৰ ওপৰত ।

তাৰ মাজতে বুধবাৰে আশ্ৰয়স্থলীত প্ৰৱেশ ঘটিল বন্যহস্তীৰ ৷ ফলত চৌদিশে হুৱাদুৱা লাগে ৷ অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে নিৰাপদ স্থানলৈ খেদি পঠিয়াই হাতীটো ৷

লগতে পঢ়ক : মঙলদৈত ছিঙা মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.