ETV Bharat / state

বান সম্পৰ্কত পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

author img

By

Published : Oct 3, 2020, 9:29 PM IST

West Karbi Anglong Congress press meet
পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পক লৈ শনিবাৰে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল । কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5 খন শ্লুইচ গেট খুলি দিয়াৰ ফলত কাৰ্বি লাংপি নৈৰ পানীয়ে প্লাৱিত কৰিছে বৈঠালাংছ'কে ধৰি বহু অঞ্চল ৷

হোজাই,3 অক্টোবৰ : ৰাইজক আগজাননী নিদিয়াকৈ কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া সন্দৰ্ভত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ জিলা কংগ্ৰেছৰ সভাপতি ছাৰ্থে ক্ৰামচাৰ । কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ বাবে হোৱা বানপানীত ক্ষতিগ্ৰস্ত ৰাইজক শীঘ্ৰেই ক্ষতিপূৰণৰ দাবী জনাইছে জিলা কংগ্ৰেছে। শনিবাৰে খেৰণিস্থিত কাৰ্বি পৰিষদৰ 7 নং কপিলী সমষ্টিৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত সংবাদমেল আয়োজন কৰি এই কথা সদৰী কৰে ছাৰ্থে ক্ৰামচাই।

উল্লেখ্য যে,বিগত 22 ছেপ্টেম্বৰৰ পৰা হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত কাৰ্বি লাংপি নৈৰ জলপৃষ্ঠ যথেষ্ট বৃদ্ধি পাইছিল । কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ 5 খন শ্লুইচ গেট খুলি দিয়াৰ ফলত নৈখনৰ পানীয়ে হঠাৎ বৈঠালাংছ'কে ধৰি বহু অঞ্চল প্লাৱিত কৰি পেলায় । আনহাতে আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্ত ৰাইজক কেৱল চৰকাৰী চাউল প্ৰদান কৰাৰ বাহিৰে চৰকাৰ তথা প্ৰশাসনে আন কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল অভিযোগ উত্থাপন কৰিছে জিলা কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক: জ্যোতিষীৰ ৰূপত কোঁচ-ৰাজবংশী সন্মিলনীৰ সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.