ETV Bharat / state

হোজাইৰ গৰু শিৰচ্ছেদ ঘটনাৰ অভিযুক্ত পঞ্চমজনক আটক

author img

By

Published : May 22, 2020, 11:33 AM IST

The success of Hojai generous police
হোজাইৰ উদালী আৰক্ষীৰ সফলতা

হাবাইপুৰ গোঁসাই গাঁৱত যুগেশ্বৰ নাথ নামৰ এজন ব্যক্তিৰ এৰাল দিয়া এটা গৰুৰ ডিঙি কাটি দুৰ্বৃত্তই লৈ গৈছিল গা অংশ ৷ ইয়াৰ পিছতে এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ ৷

হোজাই,22মে':অৱশেষত হোজাইত গৰুক শিৰচ্ছেদ কৰা ঘটনা সন্দৰ্ভত হোজাই উদালী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৰাহমানুদ্দিন নামৰ পঞ্চমজন অভিযুক্তক ৷ ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা 9 মে'ত জিলাখনৰ হাবাইপুৰ গোঁসাই গাঁৱত যুগেশ্বৰ নাথ নামৰ এজন ব্যক্তিৰ এৰাল দিয়া এটা গৰুৰ ডিঙি কাটি দুৰ্বৃত্তই লৈ গৈছিল গা অংশ ৷

Udali police arrested the 5th man who is convicted of beheading a cow
হোজাইৰ উদালী আৰক্ষীৰ সফলতা

ইয়াৰ পিছতে এই সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত উদালী আৰক্ষীয়ে তদন্ত কৰি 4 জনকৈ অভিযুক্তক আটক কৰাৰ পিছত পুনৰ বৃহস্পতিবাৰে অভিযান চলাই আটক কৰে লংকাৰ উদালী তিনিআলিৰ ৰাহমানুদ্দিনক৷ বৰ্তমানে অভিযুক্ত ৰাহমানুদ্দিনক লামডিং আৰক্ষী থানালৈ লৈ যোৱা হৈছে ।

Udali police arrested the 5th man who is convicted of beheading a cow
গৰুৰ ডিঙি কাটি লৈ গৈছিল গা অংশ

লগতে পঢ়কঃকৰ'ণা ভাইৰাছত কৈ আম্ফানৰ প্ৰাদুৰ্ভাৱ অধিক বেয়া হ'ব পাৰে : মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.