ETV Bharat / state

Protest in Hojai : হোজাইত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ

author img

By

Published : Aug 8, 2022, 8:10 PM IST

Non teaching staff protest in Hojai
হোজাইত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ

হোজাই জিলাৰ উদালি আলহাজ সোনাই বিবি চৌধুৰী মহাবিদ্যালয় প্ৰাংগণত অনা-শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিবাদ (Non teaching staff protest in Hojai)৷ নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু ভাট্টা প্ৰদানৰ দাবীত অনা-শিক্ষক কৰ্মচাৰীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

হোজাই, 8 আগষ্ট : এইবাৰ প্ৰতিবাদত বহিল হোজাইৰ অনা-শিক্ষক কৰ্মচাৰীসকল ৷ সোমবাৰে অসম স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত হোজাই জিলাৰ উদালি আলহাজ সোনাই বিবি চৌধুৰী মহাবিদ্যালয় প্ৰাংগণত অনা-শিক্ষক কৰ্মচাৰীসকলে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী (Non teaching staff protest in Hojai) ।

হোজাইত অনা-শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে হোজাইৰ অনা-শিক্ষক কৰ্মচাৰীসকলে ক’লা বেজ পৰিধান কৰি চৰকাৰক নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু ভাট্টা প্ৰদানৰ দাবী উত্থাপন কৰে ৷ উল্লেখ্য যে, সোমবাৰে অসম স্নাতক মহাবিদ্যালয়ৰ 33 খন মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীয়ে আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই উদালি মহাবিদ্যালয়ত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ ।

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, 2021 চনত প্ৰাদেশীকৃত হোৱা 33 খন মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ যোগ্যতা থকাৰ পাচতো বঞ্চিত হৈ আছে বহু শিক্ষক তথা কৰ্মচাৰী ৷ মহাবিদ্যালয় কেইখন প্ৰাদেশীকৰণৰ পিছতো চৰকাৰী সা-সুবিধা লাভ কৰা নাই বহু কৰ্মচাৰীয়ে ৷ যাক লৈ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ক্ষোভ ব্যক্ত কৰিছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Protest in Sivsagar : বিদ্যুৎ সংশোধনী বিধেয়ক 2022 বাতিলৰ দাবীত শিৱসাগৰত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.