ETV Bharat / state

হোজাইত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

author img

By

Published : May 24, 2019, 11:37 AM IST

নিৰ্মাণকাৰ্য চলি থকাৰ সময়তেই জহি-খহি গ'ল পথ ৷

হোজাইত পথ নিৰ্মাণত অনিয়ম

হোজাই, 24 মে' : হোজাইত পথৰ দুৰৱস্থা ৷ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মিত হৈছে পথ ৷ ফলত জহি খহি গৈছে নৱ নিৰ্মিত বাট-পথ ৷ পথ নিৰ্মাণৰ বাবে ধন আবন্টিত হৈছে ঠিকেই কিন্তু আবন্টিত ধনৰ সঠিক প্ৰয়োগ নোহোৱাৰ অভিযোগ ৷ লংকাৰ ৭ নং ৱাৰ্ডৰ সাৰদানন্দ পথ ছোৱা নিৰ্মাণৰ এমাহ সম্পূৰ্ণ নৌহওতেই জহি-খহি গৈছে পথছোৱা ৷ পথছোৱাৰ নিৰ্মাণকাৰ্যত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশে অগ্ৰসৰ হৈছে পথছোৱা ৷

হোজাইত পথ নিৰ্মাণত অনিয়ম

ঠিক একেদৰে লংকা ২নং ৰে'ল গেটৰ পৰা বাইপাছ সংযোগী পথ ছোৱাৰ অৱস্থাইয়ো বিপাঙত পেলাইছে জনসাধাৰণক ৷ পথছোৱাৰ মেৰামতি অতি দ্ৰুতগতিৰে চলি আছে যদিও অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিয়েই সোনকালে নিৰ্মাণকাৰ্য সামৰাত উঠি-পৰি লাগিছে ঠিকাদাৰ-কৰ্মচাৰী ৷ যাৰ ফলত নিৰ্মাণ কাৰ্য চলি থকাৰ সময়তেই এৰাই গৈছে পথৰ আলকাতৰাৰ প্ৰলেপ ৷ স্থানীয় লোকে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীক পথ নিৰ্মাণত সংঘটিত হোৱা অনিয়মৰ বিষয়ে অভিযোগ প্ৰদান কৰিছে যদিও কোনো ব্যৱস্থা হাতত লোৱা নাই বিভাগটোৱে ৷

Intro:হোজাই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মিত হৈছে পথ ।Body:পৰিবৰ্তন পৰিবৰ্তন আৰু পৰিবৰ্তন | বিজেপি চৰকাৰৰ পৰিবৰ্তনৰ নমুনা আজি দেখুৱাম আপোনালোকক |
পথ নিৰ্মাণ কৰিছে কিন্তু নিৰ্মাণৰ পিছতে জহি খহি যাব ধৰিছে নতুনকৈ নিৰ্মাণ কৰাৰ পথ |এই দৃশ্য লংকাৰ |পথ নিৰ্মাণৰ বাবে ধন আবন্টিত হৈছে ঠিকেই কিন্তু আবন্টিত ধনৰ যেন সঠিক প্ৰয়োগ হোৱা নাই এই পথ সমূহত |পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এই দৰেই নিৰ্মাণৰ এমাহ সম্পূৰ্ণ নৌহওতে এই দৰে জহি খহি যোৱাৰ উপক্ৰম হৈছে নৱ নিৰ্মিত পথ |আগন্তুক বাৰিষাৰ পূৰ্বে লংকাৰ বাটপথ সমূহ সম্পূৰ্ণ হোৱাৰ বাবে গড়কাপ্তানী বিভাগে খৰটকীয়াকৈ নিৰ্মাণ কৰিছে পথসমূহ |কিন্তু,লংকাৰ ৭ নং ৱাৰ্ডৰ সাৰদানন্দ পথ ছোৱা নিৰ্মাণৰ পিছতেই এই ৰূপ লোৱাত এতিয়া চিন্তিত হৈ পৰিছে এই সকল অঞ্চলবাসী |নিৰ্মাণৰ পিছতেই নৱনিৰ্মিত পথে লৈছে এই ৰূপ ||পথ নিৰ্মাণত নিম্ন সামগ্ৰী ব্যৱহাৰ কৰিছে বিষয়া,ঠিকাদাৰে |ইফালে আকৌ , লংকা ২ নং ৰে'ল গেইটৰ পৰা বাইপাছ সংযোগী পথ ছোৱাৰো অৱস্থা একেই |দ্ৰুতগতিত আগবাঢ়িছে পথ নিৰ্মাণৰ কাম |কিন্তু,এই দৃশ্য চালে আপুনি বুজিব পাৰিব আচলতে কেনেধৰণৰ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মিত হৈছে পথ ?পথ নিৰ্মাণত ব্যৱহৃত এই সমূহ ব্লক অতি নিম্ন মানৰ হোৱাৰ বাবে পথ নিৰ্মাণৰ পিছতেই এই দৰেই ব্লক সমূহৰ প্ৰলেপ এৰি যায় | আনহাতে আকৌ বৰ্তমান ৰাস্তাত পানী নিদিয়াৰ ফলত ধূলিময় পৰিৱেশৰো এক সৃষ্টি হৈ পৰিছে |ফলত ,যাতায়তৰ ক্ষেত্ৰত এক যমৰ যাতনা ভূগ কৰিব লগা হৈছে ||কিন্তু,এই ক্ষেত্ৰত স্থানীয় লোকে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীক পথ নিৰ্মাণত সংঘটিত হোৱা অনিয়মৰ বিষয়ে অভিযোগ কৰিছে যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে লগতে বিষয়া আৰু ঠিকাদাৰৰ গোপন বুজাবুজি আছে বুলি স্হানীয়ৰাইজে অভিযোগ কৰে।

BYTE : স্থানীয় ব্যক্তি



Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.