ETV Bharat / state

Illicit timber seized: ডবকাত হোজাই জিলা বন বিভাগৰ অভিযান

author img

By

Published : Jan 28, 2022, 5:25 PM IST

wood
ডবকাত হোজাই জিলা বন বিভাগৰ অভিযান

হোজাই জিলা বন বিভাগে ডবকাত চলোৱা অভিযানত জব্দ কেইবা লক্ষাধিক টকাৰ চোৰাং কাঠ (Hojai forest department official seized illicit timber) ৷ ডবকাৰ বিভিন্ন অঞ্চলত অভিযান চলাই বন বিভাগৰ দলটোৱে ৷

হোজাই, 28 জানুৱাৰী: বৃহস্পতিবাৰৰ নিশা ডবকাত হোজাই জিলা বন বিভাগে চলালে অভিযান ৷ এক গোপন তথ্যৰ ভিত্তিতে এই অভিযান চলালে হোজাই জিলা বন বিভাগে ৷ দক্ষিণ নগাঁও বন সংমণ্ডল বিষয়া গুণদ্বীপ দাসৰ নিৰ্দেশত হোজাই জিলা বন সুৰক্ষা বাহিনী আৰু কপিলী উপত্যকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া আৰু বনকর্মীসকলে যৌথভাৱে চলালে এই অভিযান ৷

ডবকাৰ বিভিন্ন স্থানত পৃথকে পৃথকে চলিল এই যৌথ অভিযান ৷ বন বিভাগৰ অভিযানকাৰী দলটোৱে ডবকা চহৰৰ মাজমজিয়াত থকা এটা কাঠৰ গুদামত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সমর্থ হয় (Hojai forest department official seized illicit timber) ৷ পিছত ডবকাৰ বিলপাৰতো অভিযান চলাই বন বিভাগৰ দলটোৱে ৷ তাৰ পৰাও বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে (Woods Seized by Hojai Forest Department officials) ৷

ডবকাত হোজাই জিলা বন বিভাগৰ অভিযান

বন বিভাগৰ অভিযানকাৰী দলটোৱে জব্দ কৰা কাঠখিনি পৰৱৰ্তী সময়ত হোজাইলৈ লৈ যায় । জব্দ কৰা কাঠখিনিৰ বেছিভাগেই আঢ়ৈ, চিহাৰু, বগীপমা , লালিপমা জাতীয় কাঠ । জব্দ কৰা কাঠৰ পৰিমাণ আনুমানিক ১,৫০০ চি এফ টি আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় আঠৰ পৰা দহ লক্ষাধিক টকা হ'ব বুলি জানিব দিয়ে হোজাইৰ বন সুৰক্ষা বাহিনীৰ বিষয়া গৰাকীয়ে ।

ইতিমধ্যে চোৰাং কাঠখিনিৰ সম্পৰ্কত বন বিভাগে তদন্ত আৰম্ভ কৰিছে । বৃহস্পতিবাৰৰ নিশা অভিযান চলোৱা কাঠৰ গুদামটো বন বিভাগে ইতিমধ্যে ছীল কৰিছে (Illegal sawmill busted) । উল্লেখ্য যে, কিছুদিন ধৰি এটা দুষ্ট চক্রই ডবকা আৰু লামডিং সংৰক্ষিত বনাঞ্চলত অবাধে বন ধ্বংসকার্য চলাই আহিছে ।

লগতে পঢ়ক: চিকিৎসালয়ৰ পৰিচাৰিকাৰ শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.