ETV Bharat / state

চিকিৎসালয়ৰ পৰিচাৰিকাৰ শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ

author img

By

Published : Jan 27, 2022, 8:22 PM IST

গুৱাহাটীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ হাস্পতালত চাঞ্চল্যকৰ ঘটনা । পৰিচাৰিকাক শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ (doctor attempted to molest nurse under alcohol influence )। অভিযুক্ত চিকিৎসকৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ । পলাতক অভিযুক্ত চিকিৎসক ।

Guwahati Refinery Hospital
নুনমাটিত পৰিচাৰিকাক শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ

গুৱাহাটী,২৭ জানুৱাৰী : ৰাজ্যত সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে । এগৰাকী পৰিচাৰিকাক শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ (Doctor attempts to molest nurse in Guwahati)। মহানগৰীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ হাস্পতালত (Guwahati Refinery Hospital) সংঘটিত হৈছে এই লজ্জাজনক ঘটনা । জানিব পৰা মতে ২৫ জানুৱাৰীৰ নিশা সংঘটিত হৈছে এই ঘটনা ।

নুনমাটিত পৰিচাৰিকাক শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ

অভিযোগ অনুসৰি হাস্পতালৰ ২ নং কেবিনত ৰোগী চোৱা চিতাৰ দ্বায়িত্বত থকা এগৰাকী পৰিচাৰিকাক ডাঃ ভাস্কৰ বৰুৱা নামৰ চিকিৎসকে সুৰাপান কৰি শ্লীলতা হানিৰ চেষ্টা চলাইছিল (Attempt to molest allegation against doctor) । উক্ত ঘটনা পোহৰলৈ অহাৰ লগে লগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত । ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী পৰিচাৰিকাগৰাকীয়ে নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

এজাহাৰৰ মতে, সেইদিনা নিশা পৰিচাৰিকা গৰাকীয়ে কোনো মতে চিকিৎসকজনৰ কৱলৰ পৰা ওলাই আহি নিজকে ৰক্ষা কৰিবলৈ সক্ষম হয় । অন্যথা চিকিৎসকজনৰ কামনাৰ বলি হ'ব লগা হ'লহেতেন পৰিচাৰিকাগৰাকী । ভুক্তভোগী পৰিচাৰিকাগৰাকীৰ এজাহাৰৰ ভিত্তিত নুনমাটি আৰক্ষীয়ে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ নং ধাৰাৰ অধীনত ৪৫/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

আৰক্ষীৰ সূত্ৰৰ মতে পৰিচাৰিকাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰাৰ পাছৰে পৰা চিকিৎসকগৰাকীয়ে আত্মগোপন কৰি আছে । আৰক্ষীয়ে চিকিৎসকগৰাকীক বিচাৰি মহানগৰীৰ গীতানগৰ থানাৰ অন্তৰ্গত জু ৰোডৰ বাসগৃহত অভিযান চলাই যদিও বাতৰি লিখা মুহূৰ্তলৈ আৰক্ষীয়ে অভিযুক্ত চিকিৎসকক আটক কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক :খটখটীত পিষ্টল সহ আৰক্ষীৰ জালত উত্তৰ প্ৰদেশৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.