ETV Bharat / state

ছিণ্ডিকেটৰ ধুমুহাই আৱৰিছে সৰ্বত্ৰঃ প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Jul 14, 2019, 12:48 PM IST

শনিবাৰে লংকাত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ দিনতেই ছিণ্ডিকেটৰ ৰাজত্ব অধিক হৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

ৰাজ্যত অব্যাহত হোৱা নাই ছিণ্ডিকেট

হোজাই,১৪জুলাই : ছিণ্ডিকেটৰ ধুমুহাই আৱৰিছে সৰ্বত্ৰ ৷ কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উট চৰাইৰ দৰে বালিত মুখ গুজি ছিণ্ডিকেট হোৱা নাই বুলি থাকিলে নহ'ব ৷ নহ'লে ছিণ্ডিকেটৰ ধুমুহাই তেওঁকো উৰুৱাই নিব ৷ এই মন্তব্য ১০ নং নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ । শনিবাৰে লংকাত অনুষ্ঠিত হোৱা এখন সম্বৰ্ধনা অনুষ্ঠানত বিজেপিৰ দিনতেই ছিণ্ডিকেটৰ ৰাজত্ব অধিক হৈছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ।

ৰাজ্যত অব্যাহত হোৱা নাই ছিণ্ডিকেট

সাংসদগৰাকীয়ে লগতে কয় যে চৰকাৰে ছিণ্ডিকেট বন্ধ হোৱাটো বিচৰাই নাই । অসমৰ বহু ঠাইত এতিয়াও কয়লা ছিণ্ডিকেট অব্যাহত আছে বুলিও অভিযোগ কৰে সাংসদ বৰদলৈয়ে ৷

Intro:বন্যাৰ্তক প্ৰৰ্যাপ্ত সুবিধা দিয়াত ব্যৰ্থ হোজাই জিলা প্ৰশাসন:প্ৰদ্যুত বৰদলৈ ।Body:বন্যাৰ্তক প্ৰৰ্যাপ্ত সুবিধা দিয়াত ব্যৰ্থ হোজাই জিলা প্ৰশাসন:প্ৰদ্যুত বৰদলৈ ।লংকাত গণ সম্বৰ্ধনা অনুষ্ঠানত ৰাজ্যৰ চিণ্ডিকেটৰাজক লৈ পুনৰ মুখ খুলিলে সাংসদগৰাকীয়ে ।


শনিবাৰে নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে ব্লক কংগ্ৰেছে লংকাত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পুনৰ সৰৱ হৈ পৰে ।শেহতীয়াকৈ ৰাজ্যত অৱনতি ঘটা বানপৰিস্থিতিৰ খবৰ লবলৈ আহি হোজাই জিলাৰ বিভিন্ন বানাপীড়িত অঞ্চলত উপস্থিত হৈ হোজাই জিলা প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে ।উল্লেখ্য যে,জিলা খনৰ বিভিন্ন স্থানত অধিক অৱনতি ঘটা বানপৰিস্থিতিৰ লগতে বন্যাৰ্তৰ কাষত হোজাই জিলা প্ৰশাসনৰ লোক বৰ্তমানো উপস্থিত নোহোৱাৰ অভিযোগ তুলি একপ্ৰকাৰে সৰৱ হৈ পৰে সাংসদ গৰাকী ..কয়লা,গৰু,ছুপাৰি আদি চিণ্ডিকেটৰ প্ৰসংগত সংসদত উত্থাপন কৰাৰ লগতে সাংসদগৰাকীয়ে কয় যে বিজেপিৰ দিনতেই চিণ্ডিকেটৰ কৰাল গ্ৰাসত পৰিছে ৰাজ্যখন ।লংকাত অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা সভাত ১০ নং নগাঁও লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুত বৰদলৈয়ে ভাষণ প্ৰসংগত বান আৰু চিণ্ডিকেটৰ প্ৰসংগত মন্তব্য কৰা উক্ত গণ সম্বৰ্ধনা সভাত নৱ নিৰ্বাচিত সাংসদ গৰাকীক জাপি,গামোছা আৰু সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনায় লংকা টাউন ব্লক কংগ্ৰেছ কমিটি ধলপুখুৰী ব্লক কংগ্ৰেছ কমিটি,যমুনামুখ ব্লক কংগ্ৰেছ কমিটিৰ সমূহ সদস্য সকলৰ লগতে লংকা শাখা সাহিত্য সভা আৰু লংকাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মী সকলে ।


Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.