ETV Bharat / state

হোজাইত এক বিশেষ ৰে’লৰ জৰিয়তে ৰিলিফ বিতৰণ

author img

By

Published : May 21, 2022, 1:37 PM IST

বন্যাৰ্তক সহায় কৰাৰ উদ্দেশ্যে হোজাই জিলা প্ৰশাসনৰ এক বিশেষ পদক্ষেপ ৷ হোজাই ৰে’ল ষ্টেচনৰ পৰা এক বিশেষ ৰে’ল সেৱাৰ জৰিয়তে বন্যাৰ্তক ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে (Refills distributed through a special train in Hojai) ৷

Refills distributed through a special train in Hojai
হোজাইত এক বিশেষ ৰে’লৰ জৰিয়তে ৰিলিফ বিতৰণ

হোজাই, 21 মে’ : বান পৰিস্থিতিয়ে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ ঘৰ-বাৰী হেৰুৱাই সৰ্বস্ৰান্ত হৈ পৰিছে এতিয়া নৈ কাষৰীয়া ৰাইজ ৷ খাদ্য-সামগ্ৰীৰ পৰা আদি কৰি এটুপী খোৱাপানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লগাত পৰিছে বন্যাৰ্তই ৷

ৰাজ্যৰ বিশেষকৈ ৰে’ল লাইনৰ সমীপৱৰ্তী অঞ্চলৰ বান শিবিৰত থকা বন্যাৰ্তসকলৰ বাবে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ হোজাই জিলা প্ৰশাসনে হোজাই ৰে’ল ষ্টেচনৰ পৰা এক বিশেষ ৰে’ল সেৱাৰ জৰিয়তে বন্যাৰ্তক ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছে (Refills distributed through a special train in Hojai) ৷ তথ্য অনুসৰি, হোজাইৰ পৰা যমুনামুখলৈকে যাব এই বিশেষ ৰে’লখন ৷

হোজাইত এক বিশেষ ৰে’লৰ জৰিয়তে ৰিলিফ বিতৰণ

জানিব পৰা মতে, জিলাখনৰ বহু বন্যাৰ্ত ৰে’ল লাইনৰ কাষত তিৰ্পাল বান্ধি শিবিৰ পাতি থকাৰ লগতে একাংশ লোক যোগীযান ৰে’ল ষ্টেচনত আশ্ৰয় গ্ৰহণ কৰিছে ৷ সেয়ে এই বন্যাৰ্তই যাতে পানীৰ লগতে খাদ্যৰ নাটনিত ভুগিব লগাত নপৰে, সেই উদ্দেশ্যে বানাক্ৰান্ত লোকৰ শিবিৰত এই বিশেষ নিয়া ৰে’লখনৰ জৰিয়তে ৰিলিফ দিয়াৰ ব্যৱস্থা হাতত লৈছে হোজাই জিলা প্ৰশাসনে ।

হোজাই ৰাজহ চক্ৰৰ বিষয়াৰ নেতৃত্বত এটা দলে চিৰা, মিঠৈ, পানীৰ লগতে অন্যান্য কিছু সাহাৰ্য লৈ শুকুৰবাৰে নিশাই ৰাওনা হৈছে নিজ নিজ গন্তব্য স্থানলৈ ৷ উল্লেখ্য যে, বানাক্ৰান্ত লোকসকলে প্ৰয়োজন হ’লে এই ৰে’লতে আৰাম কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে হোজাই চক্ৰ বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : লখিমপুৰত বৰ্ন্যাতৰ ৰোষত বিধায়ক ভৰত নৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.