ETV Bharat / state

লখিমপুৰত বৰ্ন্যাতৰ ৰোষত বিধায়ক ভৰত নৰহ

author img

By

Published : May 20, 2022, 10:54 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ভয়াৱহ ৰূপ ধাৰণ কৰিছে লখিমপুৰ জিলাৰ বান পৰিস্থিতি (Flood in Lakhimpur)৷ ইয়াৰ পিছতো স্থানীয় বিধায়ক ভৰত নৰহে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজৰ প্ৰতিবাদ সাব্যস্ত(Flood effected people Protest against MLA Bharat Narah) ৷

Protest by flood effected people against MLA Bharat Narah
লখিমপুৰত বৰ্ন্যাতৰ ৰোষত বিধায়ক ভৰত নৰহ

লখিমপুৰ, ২০ মে : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলাতো অব্যাহত আছে বানৰ তাণ্ডৱ(Flood in Assam) ৷ ৰাজ্যৰ চৌদিশে অব্যাহত থকা বান পৰিস্থিতিৰ সময়ত সমষ্টিবাসীৰ কাষত থাকিবলৈ বিধায়কসকলক নিৰ্দেশ প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে । কিন্তু লখিমপুৰত অব্যাহত থকা বান পৰিস্থিতিৰ পিছতো স্থানীয় বিধায়ক ভৰত নৰহে সমষ্টিবাসীক লৈ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলি ক্ষোভিত হৈ পৰে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

আনহাতে, বিধায়কগৰাকীয়ে বানত বিধ্বস্ত হোৱা লোকসকলৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে ৰাইজে ৷ সেয়ে বিগত দুদিন ধৰি ৰাইজে বিধায়কগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ শুকুৰবাৰে লখিমপুৰৰ যুৱ নগৰত বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (Flood effected people Protest against MLA Bharat Narah)।

লখিমপুৰত বৰ্ন্যাতৰ ৰোষত বিধায়ক ভৰত নৰহ

ইয়াৰ পিচতে সমষ্টিবাসীৰ কাষত উপস্থিত হয় বিধায়ক ভৰত নৰহ ৷ কিন্তু বিধায়কগৰাকীৰ বিৰুদ্ধে সমষ্টিবাসীয়ে ক্ষোভ প্ৰকাশ কৰি ভিন্ন প্ৰশ্ন উত্থাপন কৰি থকা সৰকা কৰে (Bharat Narah in wrath of flood affected people) । ইয়াৰ পিছতে সমষ্টিবাসীৰ ৰোষত পৰি অৱশেষত বানাক্ৰান্তৰ সমুখৰ পৰা আঁতৰি যায় বিধায়ক ভৰত নৰহ ।

উল্লেখ্য যে, বিগত 6টা দিন ধৰি সম্পূৰ্ণ ভয়াৱহ বান পৰিস্থিতিৰ ফলত ক্ষতিগ্ৰস্ত হৈছে নাওবৈচা সমষ্টিৰ শতাধিক গাঁও ৷ অৱশেষত এই 6 টা দিনৰ পিচত সাৰ পালে বিধায়ক ভৰত নৰহ ৷ কেৱল চাউল দাইল দিয়েই দায়িত্ব সামৰিব নোৱাৰিব বুলি কৈ বিধায়কগৰাকীক স্পষ্ট ভাষাৰে সমষ্টিটোৰ বান সমস্যা সমাধানৰ হকে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক : Sensational murder in Golaghat: মৃতদেহ লৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.