ETV Bharat / state

হোজাই জিলা প্ৰশাসনৰ জৰুৰী ঘোষণা

author img

By

Published : Apr 19, 2020, 12:57 PM IST

হোজাই জিলা প্ৰশাসনে এক জৰুৰী ঘোষণাযোগে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে । চৰকাৰী নিৰ্দেশমৰ্মে এই ঘোষণা কৰিছে জিলা প্ৰশাসনে ।

হোজাই জিলা প্ৰশাসনৰ জৰুৰী ঘোষণা
হোজাই জিলা প্ৰশাসনৰ জৰুৰী ঘোষণা

হোজাই, ১৯ এপ্ৰিলঃ কোভিড-১৯ৰ বিৰুদ্ধে দেশত দ্বিতীয়বাৰলৈ আৰোপ কৰা লক ডাউনৰ পিচতে ইয়াক লৈ নিৰ্দেশনা জাৰী কৰিছিল কেন্দ্ৰীয় গৃহ বিভাগে । কেন্দ্ৰীয় গৃহ বিভাগে জাৰী কৰা নিৰ্দেশনা অনুসৰি,বিভিন্ন ধৰণৰ কাৰ্যত নিষেধাজ্ঞাৰ লগতে কিছু কিছু অত্যাৱশ্যকীয় সামগ্ৰী আৰু সেৱাত ৰেহাই প্ৰদান কৰা হৈছে ।

Hojai District Administration declares notification regarding Lockdown
হোজাই জিলা প্ৰশাসনৰ জৰুৰী ঘোষণা

ইয়াকে লৈ অসমৰ হোজাই জিলাতো জিলা প্ৰশাসন ব্যাপক তৎপৰ হৈ পৰিছে । ভাৰত চৰকাৰৰ নিৰ্দেশমৰ্মে এতিয়াৰে পৰা জিলাখনৰ ৰাজহুৱা স্থানত মাস্ক লগোৱাটো বাধ্যতামুলক কৰিছে জিলা প্ৰশাসনে ৷ মাস্ক নহ'লে কাপোৰেৰে ঢাকি ৰাখিব লাগিব নিজৰ মুখমণ্ডল ৷ লগতে গুটখা বা ধপাতজাতীয় সামগ্ৰী বিক্ৰী আৰু ৰাজহুৱা স্থানত পিক পেলোৱাটো নিষিদ্ধ কৰিছে হোজাই জিলা প্ৰশাসনে ৷হোজাই মহকুমা তথ্য আৰু জনসংযোগ বিষয়া প্ৰশান্ত বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে এই কথা ৷ আনহাতে জিলা প্ৰশাসনে জাৰী কৰা এই নিৰ্দেশনা উলংঘা কৰিলে উলংঘণকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে হোজাই জিলা প্ৰশাসনে ৷

লগতে পঢ়কঃ সোণাইত থকা কোৱাৰেণ্টাইন কেন্দ্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.