ETV Bharat / state

বিধায়ক ৰামকৃষ্ণ ঘোষৰ জড়িয়তে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰ্থিক অনুদান

author img

By

Published : Jun 17, 2021, 10:52 PM IST

350-000-to-the-chief-minister-relief-fund
মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩,৫০,০০০ আৰ্থিক অনুদান

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩,৫০,০০০ আৰ্থিক অনুদান। বিধায়ক ৰামকৃষ্ণ ঘোষৰ উপস্থিতত আগবঢ়োৱা হয় এই অনুদান ৷

হোজাই, 17 জুন : হোজাই জিলাৰ লংকাত বিজেপিৰ টাউন মণ্ডলৰ উদ্যোগত বিধায়ক ৰামকৃষ্ণ ঘোষৰ উপস্থিতত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়োৱা হয় ৩.৫০,০০০ আৰ্থিক অনুদান ।
সমগ্ৰ দেশৰ লগতে অসমতো কৰ’ণাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ৰাজ্যবাসী তথা চৰকাৰে ক’ভিডক পৰাস্ত কৰাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা হাতত লৈ ঘোষণা কৰিছে নতুন নতুন SOP ৷

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৩,৫০,০০০ আৰ্থিক অনুদান

কৰ’ণাৰ বিৰুদ্ধে চলি থকা এই অবিৰত যুদ্ধখন জয় কৰাৰ বাবে ৰাজ্যৰ চৰকাৰখনক বিভিন্ন উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ যোগেদি আৰ্থিক সাহায্য আগবঢ়াই আহিছে ৷ বৃহস্পতিবাৰে বিধায়ক ৰামকৃষ্ণ ঘোষৰ জৰিয়তে হোজাই জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ লংকা মণ্ডলৰ ব্যৱস্থাপনাত লংকা লংকেশ্বৰী মন্দিৰ প্ৰাংগনত লংকা সংবাদিক সন্থা, ব্যবসায়ী ,বিজেপি দলৰ কাৰ্যকৰ্তা সকলোয়ে মিলি বৃহস্পতিবাৰে "মূখ্যমন্ত্ৰী আৰোগ্য সেঁতু "সাহায্য পুঁজিলৈ ৩,৫০,০০০ টকাৰ আৰ্থিক অনুদান আগবঢ়াযলে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ হাতত ৷

লগতে পঢ়ক:এই মাহতে হ'ব মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: সাজু সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.