ETV Bharat / state

হাইলাকান্দিৰ কাটলিছেড়াত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jun 7, 2020, 3:46 PM IST

হাইলাকান্দি
হাইলাকান্দিৰ কাঠলিছেড়াত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

লকডাউনৰ মাজতে হাইলাকান্দিৰ কাটলিছেড়াত একাংশ ঠিকাদাৰৰ লুন্ঠনৰাজৰ অভিযোগ স্থানীয় ৰাইজৰ । প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয়ই ।

হাইলাকান্দি, ৭ জুনঃ হাইলাকান্দিৰ কাটলিছেড়া সমষ্টিৰ দিননাথপুৰৰ গগনপুজিত প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । কাটলিছেড়া সমষ্টিৰ দিননাথপুৰৰ গগনপুজিৰত 2 কোটি 17 লাখ টকাৰে নিৰ্মাণ হোৱা 2.3 কিলোমিটাৰ পথত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰে । যাৰ বাবে ক্ষোভিত হৈ স্থানীয় ৰাইজে পথ নিৰ্মাণ কাম বন্ধ কৰি দিয়ে । তাৰোপৰি ঠিকাদাৰজনৰ এনে নিম্নমানৰ কামক ধিক্কাৰ দিয়াৰ উপৰিও ঠিকাদাৰজনৰ অনুজ্ঞা প্ৰত্র বাতিল কৰিব লাগে বুলি দাবী জনাই স্থানীয় ৰাইজে ।

হাইলাকান্দিৰ কাঠলিছেড়াত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.