ETV Bharat / state

বিধায়কৰ নামত মুকলি গৰু বজাৰ !

author img

By

Published : Jul 31, 2020, 6:10 PM IST

অসমৰ এখন ব্যতিক্ৰমী বজাৰ ৷ এগৰাকী বিধায়কৰ নামত নামাকৰণ কৰা হৈছে বজাৰখন ৷ পিছে বজাৰখনত কোনো শাক-পাচলি নাপাব জন সাধাৰণে ৷ তাৰ বিপৰীতে বজাৰখনত সহজলভ্য হৈছে পশুধন ৷ হাইলাকান্দি প্ৰশাসনৰ অনুমতি সাপেক্ষে আৰম্ভ কৰা হৈছে এখন গৰুৰ বজাৰ । ইছলামধৰ্মীয় লোকৰ ঈদ উজ জোহা উপলক্ষে মুকলি কৰা হৈছে উক্ত বজাৰ ৷

cattle market hailakandi assam etv bharat news
বিধায়কৰ নামত মুকলি গৰু বজাৰ !

হাইলাকান্দি,31 জুলাই: এক ব্যতিক্ৰমী বজাৰ ৷ কি কাৰণে বজাৰখন ব্যতিক্ৰম সেয়া জানিবলৈ নিশ্চয় সকলোৰে মন যাব ৷ কোনো বহিঃৰাজ্যত নহয় স্বয়ং ৰাজ্য়ৰে এক অঞ্চলত অৱস্থিত এই বজাৰখন ৷ কিয়নো অসমৰে এগৰাকী বিধায়কৰ নামত নামাকৰণ কৰা হৈছে বজাৰখন ৷ পিছে বজাৰখনত কোনো শাক-পাচলি নাপাব জন সাধাৰণে ৷ তাৰ বিপৰীতে বজাৰখনত সহজলভ্য হৈছে পশুধন ৷

স্থানীয় লোকৰ প্ৰতিক্ৰিয়া

হাইলাকান্দিৰ আলগাপুৰ সমষ্টিত অৱস্থিত এখন গৰু বজাৰে সম্প্ৰতি আমোদজনক খবৰ হিচাপে চৰ্চা লাভ কৰিছে ৷ আলগাপুৰ সমষ্টিৰ বিধায়ক হাজি নিজাম উদ্দিন চৌধুৰীৰ নামেৰে জনপ্ৰিয় এইখন গৰুৰ বজাৰ পৰিচিত হৈছে হাজি নিজাম উদ্দিন চৌধুৰী কেটেল মাৰ্কেট হিচাপে । বিগত চাৰি মাহে কৰ’ণা ভাইৰাছ সংক্ৰমণৰ বাবে যদিও ৰাজ্যৰ প্ৰতিখন বজাৰত সামগ্ৰী বেচা-কিনাৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছিল নিষেধাজ্ঞা ৷ এইক্ষেত্ৰত ব্যতিক্ৰম হিচাপে পৰিগণিত হৈছে হাইলাকান্দি জিলাত ৷ কিয়নো প্ৰশাসনৰ অনুমতি সাপেক্ষে জিলাখনত আৰম্ভ কৰা হৈছে পশুধন বিশেষকৈ গৰুৰ বজাৰ । জিলাখনৰ পাঁচগ্ৰাম অঞ্চলত ইছলামধৰ্মীয় লোকসকলৰ ঈদ-উজ-জোহা উপলক্ষে মুকলি কৰা হৈছে গৰুৰ বজাৰখন ।

গৰু বজাৰ সন্দৰ্ভত বিধায়কৰ মন্তব্য

আলগাপুৰৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ নেতৃত্বত আয়োজন কৰা হৈছে এই বজাৰ । কিন্তু প্ৰশাসনে বজাৰ খোলাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিলেও বজাৰখনত পৰিলক্ষিত নহ’ল কৰ’ণা ভাইৰাছ সম্পৰ্কে কোনো সজাগতা ৷ তদুপৰি কোনো ব্যক্তিয়ে মানি চলা নাই সামাজিক দুৰত্ব বা ব্যৱহাৰ কৰা নাই চেনিটাইজাৰ ৷ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এনে গৰু বজাৰ আয়োজন সন্দৰ্ভত জিলাখনৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এগৰাকী জন প্ৰতিনিধিৰ এনে স্বেচ্ছাচাৰী কাণ্ডক গ্ৰহণ কৰিব পৰা নাই জিলাখনৰ অধিকাংশ লোকে ৷

লগতে চাওকঃ বটদ্ৰৱাত এম জি এনৰেগা আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.