ETV Bharat / state

লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

author img

By

Published : Apr 17, 2020, 1:09 PM IST

Vegitables damaged at Golaghat due to Lockdown
লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত চুঙাজান আদৰ্শ ৰায়পথাৰৰ কৃষকসকল ৷

সৰুপথাৰ,17 এপ্ৰিল: কৰণা ভাইৰাছৰ আতংকৰ বাবে দেশজুৰি অব্যাহত থকা লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে দেশৰ লাখ লাখ খেতিয়ক ৷ লক ডাউনৰ বাবে উৎপাদিত সামগ্ৰী সমুহ বজাৰলৈ উলিয়াই দিব নোৱাৰাৰ বাবে খেতি পথাৰে গেলি পচি গৈছে শস্য ৷ এই পৰিস্থিতিত এতিয়া উপায়ন্তৰ হৈ পৰিছে দেশৰ অৰ্থনীতিত সদায়েই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা খেতিয়ক সকল ৷ দেশৰ আন আন ৰাজ্যৰ লগতে অসমতো পানীত হাঁহ নচৰা অৱস্থা হৈছে কৃষকৰ ৷

Vegitables damaged at Golaghat due to Lockdown
লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

হাজাৰ হাজাৰ কৃষি ভূমিত নষ্ট হৈছে উৎপাদিত পাচলি ৷ সমান্তৰালকৈ লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত চুঙাজান আদৰ্শ ৰায়পথাৰৰ কৃষকসকল ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে কৃষিমন্ত্ৰী অতুল বৰাটো বাদেই,মন্ত্ৰীৰ গৃহ জিলাৰ এই খেতিয়কসকলৰ দুখৰ সময়ত সৰুপথাৰত কৃষি বিভাগৰ কাৰ্যালয়ৰ কোনো এজনো বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ কৃষক সকলৰ ৷

লক ডাউনৰ বাবে গোলাঘাটত নষ্ট বহু হাজাৰ বিঘা কৃষিভূমি

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা প্ৰায় 1000 বিঘা মাটিত 150 টা পৰিয়ালে ৰবি শস্যৰ খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে ৷ কিন্তু লক ডাউনৰ বাবে বজাৰ বন্ধ হৈ থকাত বাৰীতেই গেলিছে বিলাহী,ফুলকবি,বেঙেনা,বন্ধাকবি,লেছেৰা আদি ভিন্ন প্ৰকাৰৰ শাক পাচলি ৷ যাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বাম খেতিৰ ওপৰতে একমাত্ৰ ভৰষা কৰি জীৱন নিৰ্বাহ কৰা খেতিয়ক সকলে ৷

লগতে পঢ়কঃ কৰ’ণা আক্ৰান্ত অঞ্চলৰ গ্ৰীণ জ’ন ঘোষণা নগাঁৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.