ETV Bharat / state

দীঘলী পথাৰত মানুহৰ ঘৰত সোমাল বনৰজা

author img

By

Published : Feb 9, 2020, 11:14 PM IST

মানুহৰ ঘৰত সোমাল বনৰজা
মানুহৰ ঘৰত সোমাল বনৰজা

অসম নাগালেণ্ড সীমান্তৱৰ্তী এক ভিতৰুৱা অঞ্চল দীঘলী পথাৰ গাঁৱত দিন দুপৰতে আশ্ৰয় বিচাৰি মানুহৰ ঘৰত সোমাল বনৰজা ৷ বন বিভাগৰ লোকে জানিব দিয়া মতে, বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কাজিৰঙাৰ পৰা আহিব বন বিভাগৰ লোক ৷

দীঘলী পথাৰ, 9 ফেব্ৰুৱাৰীঃ ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত এক ভিতৰুৱা অঞ্চল দীঘলী পথাৰ গাঁৱত বাঘৰ সন্ত্ৰাস ৷ দিন দুপৰতে আশ্ৰয় বিচাৰি মানুহৰ ঘৰত সোমাল বনৰজা ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি স্থানীয় বন সংমণ্ডলৰ লোকক খবৰ দিয়াৰ পিচতো, এজন বিষয়াহে বাঘটো ধৰিবলৈ উপস্থিত হয় সেই স্থানত ৷

অসম নাগালেণ্ড সীমান্তৱৰ্তী দীঘলী পথাৰত মানুহৰ ঘৰত সোমাল বনৰজা

কিছু সময় পিচত আৰক্ষীৰ লোক আহি উপস্থিত হয় ঘটনাস্থলীত ৷ বন বিভাগৰ লোকে জানিব দিয়া মতে, বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ কাজিৰঙাৰ পৰা আহিব বন বিভাগৰ লোক ৷

লগতে পঢ়ক ঃ তিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

Intro:ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত অতি ভিতৰুৱা অঞ্চল দিঘলী পথাৰ গাঁৱত বাঘৰ সন্ত্রাস। দিন দোপৰতে আশ্ৰয় বিচাৰি মানুহৰ ঘৰত সোমালগৈ বাঘ। মণ্টুশইকীয়া নামৰ লোক জনৰ ঘৰত সোমাই গৈ বাঘটো। তাৎপৰ্য পূৰ্ণ যে স্থানীয় বন সংমণ্ডলৰ লোকক খবৰ দিয়া এজন বিষয়াহে বাঘটো ধৰিবলৈ উপস্থিত হয়।
Body:কিছু সময় পাছত আৰক্ষীৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয়হি । আনহাতে কাজিৰঙাৰ পৰা বন বিভাগৰ লোকে বাঘটো পিঞ্জৰা বদ্ধ কৰিবলৈ আহি আছে বুলি বন বিষয়া জনে জানিবলৈ দিয়ে। উল্লেখ্য যে বৰ্তমান সময়লৈকেও ঘৰৰ ভিতৰতেই বাঘটো আবদ্ধ হৈ আছে । ইফালে আতংকত ভুগিছে গাঁও বাসী। আবেলি ৫ বজাত কাজিৰঙাৰ পৰা বন বিভাগৰ লোক পাবহি বুলি বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।Conclusion:Byt:- স্থানীয় লোক
Byte :- ছাত্র সন্থাৰ বিষয়ববীয়া

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.