ETV Bharat / state

উন্মুক্ত ৰে'ল লাইন ! যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে অঘটন

author img

By

Published : Aug 8, 2019, 6:07 PM IST

উন্মুক্ত ৰে'ল লাইন !

সৰুপথাৰ সমষ্টিৰ চুঙাজানত ৰে'ল গেট অবিহনে বিপদসংকুলভাৱে চলি আছে ৰে'ল লাইন ৷

সৰুপথাৰ,8 আগষ্টঃ ৰে'ল গেটৰ দাবীৰে সৰৱ সৰুপথাৰ সমষ্টিৰ চুঙাজানবাসী ৷ সৰুপথাৰ সমষ্টিৰ চুঙাজানত ৰে'ল লাইনৰ ওপৰত ৰে'ল গেট দিয়াৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷

উন্মুক্ত ৰে'ল লাইন !

বৃহত্তৰ চুঙাজান অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা ৰে'ল লাইনে অঞ্চলটোক বিভক্ত কৰিছে দুটা ভাগত ৷উল্লেখ্য যে , 16 নং চুঙাজানত আছে মুঠ 16 খন গাঁও ৷ 16 খন গাঁৱৰ বাসিন্দাৰ জীৱন এতিয়া বিপদাপন্ন ৷ কাৰণ এই গাঁও কেইখনৰ সহস্ৰাধিক বাসিন্দাই বৰ্হিৰাজ্যৰ লগত যোগাযোগ কৰিবলৈ পাৰ হব লাগে এই ৰে'ল লাইনেৰে ৷ চুঙাজানৰ এই ৰে'ল লাইনৰ ওপৰত নাই কোনো ৰে'ল গেট ব্যৱস্থা ৷ ৰে'ল বিভাগক আবেদন নিবেদন কৰিও ভাগৰি পৰিছে স্থানীয় ৰাইজ ৷ উত্তৰ পূৱ সীমান্ত ৰে'ল বিভাগৰ উৰ্দ্ধতম কৰ্তৃপক্ষক আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক আবেদন নিবেদন কৰি কোনো সুফল নাপাই হতাশাত ভুগিছে চুঙাজানৰ ৰাইজে ৷ সেয়ে অতি শীঘ্ৰে সেই ৰে'ল লাইনৰ ওপৰত এখন ৰে'ল গেটৰ ব্যৱস্থা কৰি দিবৰ বাবে অসম চৰকাৰ তথা ৰে'ল বিভাগক দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

Intro:সৰুপথাৰ সমষ্টিৰ চুঙাজান ত ৰেল লাইনৰ ওপৰত ৰেল গেট দিয়াৰ দাবী কৰিছে অঞ্চলটোৰ ৰাইজে | বৃহত্তৰ চুঙাজান অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা ৰেল লাইনে অঞ্চলটোক দুটা ভাগত বিভক্ত কৰিছে |
Body:১৬ নং চুঙাজান ত ১৬ খন গাওঁ আছে | এই গাঁও কেইখনৰ সহস্ৰাধিক বাসিন্দাই বৰ্হিৰাজ্যৰ লগত যোগাযোগ কৰিবলৈ এই ৰেল লাইনেৰে পাৰ হব লাগে | চুঙাজানত ৰেল লাইনৰ ওপৰত কোনো ৰেল গেট নাই | ৰেল বিভাগক আবেদন নিবেদন কৰি ভাগৰি পৰিছে স্থানীয় ৰাইজ | উত্তৰ পুৱ সীমান্ত ৰেল বিভাগৰ উদ্ধতম কৰ্তৃপক্ষক আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈক আবেদন নিবেদন কৰি কোনো সুফল নাপাই হতাশাত ভুগিছে চুঙাজানৰ ৰাইজে | অতি শীঘ্ৰে সেই ৰেল লাইনৰ ওপৰত এখন ৰেল গেটৰ ব্যৱস্থা কৰি দিবৰ বাবে অসম চৰকাৰ তথা ৰেল বিভাগক স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে ।
Conclusion:Byte 1 স্থানীয় ৰাইজ
Byte :- স্থানীয় ৰাইজ

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.