ETV Bharat / state

শ্বহীদ মুক্তিনাথ গোৱালাৰ শিশু কন্যাৰ অধ্যয়নৰ খৰচ বহন কৰিব অৰ্কিড উদ্যানে : অখিল গগৈ

author img

By

Published : Apr 3, 2022, 8:17 PM IST

sahid-muktinath-goala-memorial-article-competition-award-ceremony
শ্বহীদ মুক্তিনাথ গোৱালা সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান

দেওবাৰে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান সমবায় সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা ২০২০-২১ বৰ্ষৰ জাতীয় শ্বহীদ মুক্তিনাথ গোৱালা সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত উপস্থিত থাকি অখিল গগৈয়ে শ্বহীদ মুক্তিনাথ গোৱালাৰ শিশু কন্যাৰ পঢ়া-শুনাৰ সমস্ত খৰচ এই অৰ্কিড উদ্যান সমবায় সমিতিয়ে বহন কৰিব বুলি মন্তব্য কৰে ৷

বোকাখাত, 3 এপ্ৰিল : দেওবাৰে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান (Kaziranga National Orchid and Biodiversity Park) সমবায় সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি (Krishak Mukti Sangram Samiti) ৰ উদ্যোগত অনুষ্ঠিত হোৱা 2020-21 বৰ্ষৰ জাতীয় শ্বহীদ মুক্তিনাথ গোৱালা সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় ৷

শ্বহীদ মুক্তিনাথ গোৱালা সোঁৱৰণী প্ৰবন্ধ প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান

এই প্ৰবন্ধ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে যুৱ লেখক টুনজ্যোতি গগৈয়ে । এই অনুষ্ঠানত উপস্থিত থাকি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শ্বহীদ মুক্তিনাথ গোৱালাৰ শিশু কন্যাৰ পঢ়া- শুনাৰ সমস্ত খৰচ এই অৰ্কিড উদ্যান সমবায় সমিতিয়ে বহন কৰিব বুলি মন্তব্য কৰে ৷ লগতে প্ৰত্যেক বছৰে এই প্ৰবন্ধ প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ’ব বুলিও জনায় বিধায়ক গৰাকীয়ে (Sahid Muktinath Goala Memorial article Competition ) ৷

এই প্ৰবন্ধ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ প্ৰাপ্তজনক নগদ 1 লাখ টকা, চেলেং চাদৰ, এখন মানপত্ৰ আৰু দ্বিতীয় পুৰস্কাৰ প্ৰাপ্তজনক নগদ 50 হেজাৰ টকা, চেলেং চাদৰ, এখন মানপত্ৰ প্ৰদান কৰা হৈছে বুলিও জনায় উদ্যানৰ অধ্যক্ষ অখিল গগৈয়ে ৷ কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ বাকৰিত অনুষ্ঠানত বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু, বুদ্ধিজীৱী ময়ূৰ বৰা আৰু শ্বহীদ মুক্তিনাথ গোৱালাৰ পিতৃৰ লগতে পৰিয়ালৰ সদস্যবৃন্দ উপস্থিত থাকে ।

লগতে পঢ়ক : জলপাইগুৰিত স্ক’ৰপিঅ’ গাড়ীৰ পৰা উদ্ধাৰ কেংগেৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.