ETV Bharat / state

উখল মাখল মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ

author img

By

Published : Jan 19, 2020, 7:28 PM IST

preparation for 89th conference of srimanta shankardeva sangha
মুকলি কৰা হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ শীৰ্ষ গীত

পূৰ্ণ গতিত আগবাঢ়িছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89 সংখ্যক অধিবেশনৰ প্ৰস্তুতি ৷ দেওবাৰে সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত প্ৰতিষ্ঠা কৰা হ'ল নামঘৰৰ গুৰু আসন ৷ ভক্তৰ ধ্বনি-উৰুলিৰে বৈকুণ্ঠধামলৈ পৰিণত হ'ল কাজিৰঙা সমন্বয় ক্ষেত্ৰ ৷

গোলাঘাট, 19 জানুৱাৰীঃ পূৰ্ণ গতিত চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি ৷ উখল মাখল পৰিবেশে বিৰাজ কৰিছে গোলাঘাট জিলাৰ ডিহিঙীয়াৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত । ৰাজ্যৰ প্ৰায় সকলো প্ৰান্তৰ পৰা আহিব লগা ভকত-বৈষ্ণৱক আদৰিবৰ বাবে কোনো ক্ৰুটি নৰখাকৈ প্ৰচেষ্টা চলাইছে মহুৰাপথাৰবাসী ৰাইজে ৷ 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখৰ পৰা জিলাখনৰ ডিহিঙীয়াৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89 সংখ্যক অধিবেশন ৷

মুকলি কৰা হ’ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ শীৰ্ষ গীত

দেওবাৰে অধিবেশনস্থলীত প্ৰতিষ্ঠা কৰা হ’ল নামঘৰৰ গুৰু আসন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য তথা ভকত বৈষ্ণৱ সকলে আসন প্ৰতিষ্ঠাৰ সময়ত দিয়া জয় ধ্বনি , উৰুলিয়ে বৈকুণ্ঠ ধামলৈ পৰিণত কৰিলে কাজিৰঙা সমন্বয় ক্ষেত্ৰক ৷ উল্লেখযোগ্য যে, দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশনৰ শীৰ্ষগীতটি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ৷ আচুৰ্য বৰপাত্ৰই কণ্ঠদান কৰা গীতটোত গোলাঘাট জিলাৰ সম্যক বৰ্ণনা দিয়াৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা আহিব লগা ভকত সকলৰ সুবিধাৰ্থে অধিবেশনস্থলী তথা অঞ্চলটোৰ সম্যক বৰ্ণনা দিয়াৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিৰ সদস্যই ৷

লগতে পঢ়কঃ নিজ গৃহ জিলাত মন্ত্ৰী যোগেন মহনক ক'লা পতাকাৰে আদৰণি আছুৰ

Intro:
উখল মাখল পৰিৱেশ গোলাঘাটৰ ডিহিঙীয়া ৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ । প্ৰতিষ্ঠা হল নামঘৰৰ গুৰু আসন ।
হয় 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ ৫ তাৰিখৰ পৰা চাৰি দিনীয়া কৈ অনুষ্ঠিত হব উত্তৰপূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হব ডিহিঙীয়া ৰ মহুৰাপথাৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰত । আৰু আজি নাম-প্ৰসঙ্গৰে ধৰ্মীয় ৰীতি নীতি অনুসাৰে কাজিৰঙা সমন্বয় ক্ষেত্ৰৰ নামঘৰত স্থাপন হল গুৰু আসন। দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হৈছে সমন্বয় ক্ষেত্ৰ। বিভিন্ন প্ৰান্তৰ ভকত প্ৰাণ বৈষ্ণৱে হৰি নামৰ ধ্বনিৰে মুখৰিত আকাশ বতাহ । ইফালে ৮৯ সংখ্যক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিবেশনৰ শীৰ্ষ গীতটিও আজি আনুষ্ঠানিক ভাৱে মুকলি হব ।Body:Byte 1,2: আয়োজকConclusion:গোলাঘাট পৰা চামিম আলি , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.