ETV Bharat / state

HSLC ৰিজাল্ট : গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত অভিভাৱকৰ প্ৰতিবাদ

author img

By

Published : Aug 7, 2021, 11:24 AM IST

parents-protest-at-golaghat
গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত অভিভাৱকৰ প্ৰতিবাদ

চলিত বৰ্ষৰ HSLC পৰীক্ষাৰ ফলাফল ঘোষণাৰ প্ৰায় এসপ্তাহ পাৰ হ’ল ৷ কিন্তু থমকি নৰ’ল পৰীক্ষাৰ ফলাফলকেন্দ্ৰিক বিসংগতিৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদ ৷

গোলাঘাট, 7 আগষ্ট : হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC EXAM RESULT)ৰ ফলাফল ঘোষণা কৰাৰ পাছৰে পৰা ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ তুলি ৰাজ্যৰ ঠায়ে ঠায়ে একাংশ অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকক বিদ্যলয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে ৷ এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত ।

গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত অভিভাৱকৰ প্ৰতিবাদ

গোলাঘাটৰ খ্ৰীষ্টিয়ান হাইস্কুলত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ১৫ গৰাকীয়েই অনুত্তীৰ্ণ হৈছে ৷ বিগত সময়চোৱাত শৈক্ষিক দিশত ভাল ফলাফল দেখুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ বিসংগতিপূৰ্ণ মূল্যাংকনৰ জৰিয়তে অনুত্তীৰ্ণ কৰোৱাৰ অভিযোগ কৰিছে অভিভাৱকসকলে । ইপিনে মূল্যাংকন ব্যৱস্থা সম্পৰ্কে অভিভাৱকক জনাম বুলি কোৱাৰ পাছতো বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষকগৰাকী আঁতৰি থকাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিসংগতি হোৱাৰ অভিযোগ তুলি ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকে প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে ৷ কোনো কোনো স্থানত প্ৰধান শিক্ষয়ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ কৰ'ণা মহামাৰীৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ বিশেষ নিয়মাৱলীৰ মাজেৰে ঘোষণা কৰা 2020 -2021 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে পঢ়ক : আমাৰ ছাৰে টকা খাইছে বুলি ক’ত ক’লে ছাত্ৰ-ছাত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.