ETV Bharat / city

আমাৰ ছাৰে টকা খাইছে বুলি ক’ত ক’লে ছাত্ৰ-ছাত্ৰীয়ে

author img

By

Published : Aug 4, 2021, 10:13 PM IST

সঁচাকৈ ধন দিব নোৱৰাৰ বাবেই ফেইল কৰাই দিয়া হ’ল নেকি চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় একাংশ ছাত্ৰ-ছাত্ৰীক ৷ শিক্ষকৰ বিৰুদ্ধে শিক্ষাৰ্থীয়ে তুলিছে ভয়ংকৰ অভিযোগ ৷

আমাৰ ছাৰে টকা খাইছে বুলি ক’ত ক’লে একাংশ ছাত্ৰ-ছাত্ৰীয়ে
আমাৰ ছাৰে টকা খাইছে বুলি ক’ত ক’লে একাংশ ছাত্ৰ-ছাত্ৰীয়ে

চামগুৰি, 4 আগষ্ট : মহামাৰী ক’ৰণাৰ বাবে এইবাৰ ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ৷ তাৰ বিপৰীতে মূল্যাংকন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীক উৰ্ত্তীণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে শিক্ষা বিভাগে ৷ সেই অনুসৰিয়েই যোৱা 30 আৰু 31 আগষ্টত ক্ৰমে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ৷ ফলাফল ঘোষণো হোৱাৰ পাছতে লাগিল অথন্তৰ ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছিল ৷ একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰাও দেখা গৈছিল ৷ সেই প্ৰতিবাদ বুধবাৰেও দেখা গ’ল নগাঁও জিলাৰ চামগুৰিত ৷ চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাংশ অনুৰ্ত্তীণ ছাত্ৰ-ছাত্ৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ৷

আমাৰ ছাৰে টকা খাইছে বুলি ক’ত ক’লে একাংশ ছাত্ৰ-ছাত্ৰীয়ে

ছাত্ৰ-ছাত্ৰী সকলে মূল্যায়ন প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তোলে ৷ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰী সকলে আমাক ন্যায় লাগিবই, আমাৰ ছাৰে টকা খাইছে আদি বিভিন্ন শ্ল’গানেৰে বিদ্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷ ইপিনে ছাত্ৰ-ছাত্ৰী সকলে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱ গোস্বামীক একাংশ ছাত্ৰ-ছাত্ৰীয়ে ধন দিব নোৱাৰৰ বাবে অনুত্তীৰ্ণ কৰাই দিয়াৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৷

যাৰ বাবে বুধবাৰে হাতে হাতে প্লে’কাৰ্ড লৈ সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি নিজ শিক্ষাগুৰুৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰা দেখা যায় ৷

লগতে পঢ়ক : গঁড়ৰ নখ সহ বন বিভাগৰ জালত চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.