ETV Bharat / state

KMSS against setting up of 18 new toll gates: শদিয়াৰ পৰা ধুবুৰীলৈ টোলগেটতে দিব লাগিব ৮,৫০০ টকা টোল কৰ

author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 9:53 PM IST

KMSS against setting up of 18 new toll gates
নতুন টোলগেট স্থাপনৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

ৰাজ্যত পুনৰ ১৮ খনকৈ নতুন টোলগেট স্থাপনৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ ন-পুৰণি সকলো টোলগেট বন্ধ নকৰিলে সংবাদ মেলত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণৰ হুংকাৰ কৃষক মুক্তিৰ ৷

নতুন টোলগেট স্থাপনৰ বিৰোধিতা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

গোলাঘাট, ২৮ আগষ্ট : আকৌ ৰাজ্যজুৰি টোল টেক্সৰ বিতৰ্কৰ ৷ অসমৰ ৰাজপথত টোলগেটৰ বিৰুদ্ধে আকৌ বিৰোধিতাৰ জোঁৱাৰ আৰম্ভ হৈছে ৷ চৰকাৰৰ খাদ্য সামগ্ৰীৰ পৰা ৰোগীৰ সাধাৰণ দৰৱলৈকে অভাৱনীয় হাৰত মূল্যবৃদ্ধি ঘটোৱা দেশ চৰকাৰে পুনৰ অসমৰ ৰাইজক কৰৰ মাধমাৰ সোধাবৰ বাবে আগবাঢ়িছে ১৮ খনকৈ নতুন টোলগেট স্থাপনৰ ভয়ংকৰ সিদ্ধান্ত গ্ৰহণেৰে ৷ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তত চলি থকা 9 খনকৈ টোলগেটৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ সহযোগত অসম চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সমালোচনা কৰিছে । সোমবাৰে গোলাঘাটত সংবাদ মেল সংম্বোধন কৰি এনেদৰে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ বিৰুদ্ধে গৰজি উঠে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

সংবাদ মেল সংম্বোধন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয়— “বিগত ২০২২ চনৰ ২২ মাৰ্চ তাৰিখে লোকসভাত খোদ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছিল যে NH Fee Rules ২০০৮, ২০০৮ চনৰ ডিচেম্বৰত গেজেট নটিফিকেচনৰ বিধি উলংঘা কৰি ভাৰতবৰ্ষৰ ১৮৯ টোলগেটৰ ভিতৰত অসমতো চাৰিখনকৈ টোলগেটৰ মাজৰ দূৰত্ব ৬০ কিলোমিটাৰতকৈ কম ৷ এই চাৰিখনকৈ অবৈধ টোলগেট তিনিমাহৰ ভিতৰত বন্ধ কৰি দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰিছিল ৷ সেই টোলগেট কেইখন আছিল নাজিৰাখাটৰ পৰা মদনপুৰ (৫৯), দাহালপাৰ পৰা পাটাগাওঁ (৫৪), মিকিৰআটিৰ পৰা ৰহা (৫৩), গালিয়াৰ পৰা দাহালপুৰ (৪৬) ৷”

লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে— “ অসমত চলি থকা ৯ খন টোলগেটৰ চাৰিখনেই অবৈধ হোৱাৰ পাচতো কেৱল লুণ্ঠনৰ কাৰণে আজি পৰ্যন্ত এখনো টোলগেট বন্ধ কৰা নহ’ল, ইয়াৰে ভিতৰত নিয়ম অনুসৰি পৌৰ এলেকাৰ পৰা প্ৰতিখন টোলগেটৰ দূৰত্ব অতিকমেও দহ কিলোমিটাৰ হ’ব লাগে যদিও ৰহা টোলগে’টৰ দূৰত্ব ৰহা পৌৰ এলেকাৰ পৰা দূৰত মাত্ৰ এশ মিটাৰ । ইমানৰ পাচতো কেৱল মাত্ৰ শোষণৰ স্বাৰ্থত এই টোলগেটসমূহ অবৈধভাৱে চলাই থকা হৈছে ৷”

সাধাৰণ সম্পাদকগৰাকীয়ে অভিযোগ কৰে যে অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ পৃষ্ঠপোষকতাত তেওঁৰ ভাতৃ জড়িত হৈ থকা এটা নিৰ্দিষ্ট কোম্পানী এম বি কনছটিয়ামে ৰাজ্যৰ ৯ খন টোলগেটৰ সৰহ সংখ্যকতে অবৈধভাৱে নিবিদা লাভ কৰি আহিছে । এই নেক্সাছৰ জৰিয়তে টোলগেটসমূহত দিনৰ ভাগত জনসাধাৰণক টেটুচেপা দি টোলকৰ সংগ্ৰহৰ সমান্তৰালভাৱে নিশা বিজেপি ভেৰণীয়া বাহিনীৰ দ্বাৰা গুণ্ডাকৰ সংগ্ৰহ কৰা হয় ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট যে, মন্ত্ৰীৰ ভাতৃ অথবা একাংশ ৰাজনৈতিক নেতাৰ সংস্থাপন জীৱন-জীৱিকাৰ বাবে সাধাৰণ ৰাইজক টেটুচেপি অসমত ইখনৰ পিছত সিখনকৈ টোলগেট নিৰ্মাণ কৰি থকা হৈছে ৷

সংগঠনটোৱে লগতে কয় যে টোলগেটৰ ধাৰণাটো হৈছে ব্যৱসায়িক স্বাৰ্থৰ বাবে । ৰাইজৰ দ্বাৰা নিৰ্মাণ কৰা পথত সাধাৰণ ৰাইজৰ বাবে বিকল্প পথৰ নিৰ্মাণ নকৰাকৈ মূল পথটোত টোলগেট নিৰ্মাণ কৰিব নোৱাৰে ৷ কিন্তু অসমৰ কোনো এখন টোলগেট নিৰ্মাণৰ ক্ষেত্ৰত এনে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বিপৰীতে খাটি খোৱা মানুহৰ পৰাও বাধ্যতামূলকভাৱে জোৰ-জুলুমকৈ টোল কৰ সংগ্ৰহ কৰা হৈছে ৷

কিন্তু ৰাইজৰ তীব্ৰ প্ৰতিবাদক আওকাণ কৰি টোলগেট সম্পৰ্কীয় সকলো নীতি-নিয়ম জলাঞ্জলি দি কেৱল জনসাধাৰণৰ পৰা ব্যাপক কৰ সংগ্ৰহ কৰি মন্ত্ৰী বিধায়কৰ ৰাজনৈতিক আৰু ব্যক্তিগত স্বাৰ্থত এনেকৈয়ে নতুন কৈ টোলগেট নিৰ্মাণ কৰা হৈছে ৷ চৰকাৰৰ পৰিকল্পনা অনুসৰি দুৰ্গাপূজাৰ আগেয়ে মূল্যবৃদ্ধি, কৰ-কাটলে জুৰুলা কৰা ৰাইজক মাধমাৰ দি দেৰগাঁও ৰঙামাটি, তেজপুৰৰ কলিয়াভোমোৰা, বিশ্বনাথ, লখিমপুৰৰ পথালি পাহাৰ আৰু বগীবিল টোলগেট মুকলি কৰিবলৈ চৰকাৰ আগবাঢ়িছে ৷ ইয়াৰ উপৰিও মেৰাপানী, জাঁজী আৰু ডিমৌত নতুনকৈ টোলগেট বহুৱাৰ পৰিকল্পনা ৰচনা কৰিছে ৷

চৰকাৰী তথ্য অনুসৰি চলিত ন খন টোলগেটৰ জৰিয়তে অসমৰ জনসাধাৰণৰ পৰা বৰ্তমানলৈকে ৪৮৮ কোটি টকা সংগ্ৰহ কৰিছে চৰকাৰে ৷ ইয়াৰ পৰা অনুমান কৰিব পাৰি সৰ্বমুঠ ২৭ খন টোলগেট অসমত সম্পূৰ্ণ হৈ উঠিলে জনসাধাৰণৰ কি পৰিস্থিতি হ’ব !

সংবাদ মেলত উপস্থিত কৃষক মুক্তিৰ নেতৃত্বই কয় যে অসমৰ মাটি, শিল আৰু বালিৰে ৰাজপথত ৰাইজৰ চলাচলৰ বাবে নীতি বহিৰ্ভূতভাৱে টোলগেট স্থাপন কৰি ৰাইজৰ পৰা কৰ সংগ্ৰহ কৰা কাৰ্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও গ্ৰহণ নকৰে ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে সৰ্বমুঠ ২৭ খন টোলগেট নিৰ্মাণ কৰাৰ ফলত এখন সৰু গাড়ী লৈ এজন ব্যক্তি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ’লে প্ৰায় ৮,৫০০ টকা বৰ্তমান হিচাপত ভৰিব লাগিব ৷ এয়া সাধাৰণ লোকৰ প্ৰতি ঘোৰ অন্যায় ৷ সমান্তৰালভাৱে অভাৱনীয়ভাৱে প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটিব ৷

এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছে—“অসমৰ ন পুৰণি সকলো টোলগেট অতি শীঘ্ৰে বন্ধ কৰক ৷ অন্যথা আমি ২০১৫ চনৰ দৰে ৰাইজক লগত লৈ নিজাববীয়াকৈ টোলগেটসমূহ বন্ধ কৰি দিবলৈ বাধ্য হ’ম ৷” আজিৰ এই সংবাদ মেলত বিদ্যুৎ শইকীয়াৰ লগতে উপস্থিত থাকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলাৰ যুটীয়া সাধাৰণ সম্পাদক ৰূপম গগৈ, জিলা কাৰ্যকৰী সভাপতি অৰিন্দম তামুলী আৰু কৃষক মুক্তিৰ গোলাঘাট জিলাৰ সদস্য পলাশ গগৈ ৷

লগতে পঢ়ক : KMSS protest at Raha: টোলগেট বন্ধ কৰাৰ দাবীত ৰহাত কৃষক মুক্তিৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.