ETV Bharat / state

বৰ্ষালৈ এতিয়া অধীৰ অপেক্ষাৰে বাট চাইছে কাজিৰঙাৰ জীৱকূলে

author img

By

Published : Jun 11, 2021, 8:00 PM IST

বৰ্ষাৰ অধীৰ অপেক্ষাত এতিয়া কাজিৰঙাৰ জীৱকূল
বৰ্ষাৰ অধীৰ অপেক্ষাত এতিয়া কাজিৰঙাৰ জীৱকূল

বানৰ সময়চোৱাত এই উদ্যানখনৰ আন এটা ভয়ানক দিশ হ'ল, এই সময়ত জীৱকূলে নিজকে কিদৰে ৰক্ষা কৰিব । বানৰ এই সময়চোৱাত এক জীৱন মৰণৰ তীব্ৰ সংগ্ৰাম চলে জীৱকূলৰ মাজত । এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঁড়ৰ উপৰিও বাঘ, হৰিণা,বন গাহৰি আদিৰ বাসস্থান । কাজিৰঙাক সক্ৰিয় কৰি ৰাখিবলৈ প্ৰতিটো বছৰ প্ৰকৃতিয়ে আশীৰ্বাদ স্বৰূপে বানপানীৰ সৃষ্টি কৰে । এই বানপানীৰ পিছতেই তৰুণ হৈ উঠে কাজিৰঙা ।

গোলাঘাট,11জুন: অসমৰ প্ৰকৃতিৰ ভঁৰাল স্বৰূপ কাজিৰঙা ৷ এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৷ কিন্তু আপুনি জানি আচৰিত হ’ব, এই ৰাষ্ট্ৰীয় উদ্যানখন সজীৱ হৈ থাকিবৰ বাবে নিত্যান্তই প্ৰয়োজন বানপানী । বানপানী আহিলেহে সজীৱ হৈ থাকিব বৰ্তমানৰ কাজিৰঙা । যাৰবাবে বৰ্ষালৈ অধীৰ অপেক্ষাৰে বাট চাই কাজিৰঙাৰ জীৱকূলে । উল্লেখ্য যে, এটা বছৰত তিনিবাৰকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্লাৱিত হয় ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীত । এই বানৰ পানী শুকুৱাৰ পিছতেই যেন এটা নতুন দিগন্তৰ সূচনা হয় কাজিৰঙাত । পুৰণি ঘাঁহ বন মৰি পুনৰ নতুন তৃণই ছানি ধৰে উদ্যান খনত । সেই সোৱাদময় পৰিৱেশৰ অধীৰ অপেক্ষাত থাকে কাজিৰঙাৰ জীৱকূল ।

ইপিনে বানৰ সময়চোৱাত এই উদ্যানখনৰ আন এটা ভয়ানক দিশ হ'ল, এই সময়ত জীৱকূলে নিজকে কিদৰে ৰক্ষা কৰিব । বানৰ এই সময়চোৱাত এক জীৱন মৰণৰ তীব্ৰ সংগ্ৰাম চলে জীৱকূলৰ মাজত । এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গঁড়ৰ উপৰিও বাঘ, হৰিণা,বন গাহৰি আদিৰ বাসস্থান । কাজিৰঙাক সক্ৰিয় কৰি ৰাখিবলৈ প্ৰতিটো বছৰ প্ৰকৃতিয়ে আশীৰ্বাদ স্বৰূপে বানপানীৰ সৃষ্টি কৰে । এই বানপানীৰ পিছতেই তৰুণ হৈ উঠে কাজিৰঙা । পিছে বানৰ এই বিপদৰ সময়ৰ পৰা উদ্ধাৰ কৰি ইয়াক কিদৰে সফল ৰূপত অতিক্ৰম কৰাব পাৰি, তাৰ বাবে পূৰ্বৰ দৰে এইবাৰো প্ৰস্তুত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ । পূৰ্বৰ দৰে বহু কেইটা কঠোৰ নিৰ্দেশ বলবৎ থাকিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত । কাজিৰঙাত বানপানী অহাৰ পূৰ্বে প্ৰতিটো বন শিৱিৰৰ বনকৰ্মী আৰু বিভাগটোৰ হাতীক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰা হৈছে । উদ্যানখনত কৰ্মত নিয়োজিত বনৰক্ষী সকলক ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত দেখা গৈছে তৎপৰতা । তাৰোপৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে, বানপানীৰ সময়ত সহায়ৰ বাবে কাজিৰঙাত অধিক কৰ্মচাৰী, বনকৰ্মী নিয়োজিত কৰা হৈছে ।

বৰ্ষালৈ এতিয়া অধীৰ অপেক্ষাৰে বাট চাইছে কাজিৰঙাৰ জীৱকূলে

ইতিমধ্যে বোকাখাতৰ মহকুমাধিপতিয়ে উদ্যানৰ আশে-পাশে 144 ধাৰা জাৰি কৰিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বন্যপ্ৰাণী আহ যাহ কৰা দণ্ডী সমূহত Automatic Animal Sensorৰ ব্যৱস্থা কৰা হৈছে । উদ্যানখনত ৩৩টা হাইলেণ্ড আছে যদিও পৰ্যটকে আহযাহ কৰা ২০ কিলোমিটাৰ পথ বানপানীত সহায় হ'ব পৰাকৈ ওখকৈ নিৰ্মাণ কৰা হৈছে । এইবাৰ জীৱ-জন্তুৱে বানপানী সময়ত বিশেষভাৱে ব্যৱহাৰ কৰিব পৰা ৯ কিলোমিটাৰ পথ ওখকৈ নিৰ্মাণ কৰা হৈছে ।বানপানীৰ সময়ত কাজিৰঙাৰ জীৱকূল প্ৰাকৃতিক ভাৱে উপলব্ধ হাইলেণ্ড আৰু কৃত্ৰিম ভাৱে নিৰ্মিত হাইলেণ্ডত সুৰক্ষিত কৈ থাকিব পৰা ব্যৱস্থা কৰা হৈছে । এশ শতাংশ বানপানীত বুৰ গৈ থকা উদ্যানত তহলৰ বাবে তিনিশৰো অধিক নাওৰ ব্যৱস্থা কৰা হৈছে । ৰাষ্ট্ৰীয় উদ্যানত পানী সোমালেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হ'ব । বোকাখাতৰ পৰা কলিয়াবৰৰ মাজৰ প্ৰায় 60 কিলোমিটাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বন্যজীৱ ইপাৰ সিপাৰ হোৱা দণ্ডী সমূহত Automatic Animal Sensor স্থাপনৰ উপৰিও চিচিটিভিৰে নীৰিক্ষণ কৰা হ'ব । 40 কিলোমিটাৰতকৈ অধিক গতিত গাড়ী চলোৱা প্ৰত্যক্ষ কৰিলেই বিহিব লাগিব পাঁচ হাজাৰ টকাৰ জৰিমনা ।

তাৰোপৰি ম’বাইল আৰু যাতায়তৰ যোগাযোগৰ ক্ষেত্ৰত অতি দুৰ্গম অঞ্চলৰ 10 টা বনশিৱিৰৰ বাবে দহটা চেটেলাইট ফোন দিয়াৰ চৰকাৰৰ সিদ্ধান্তৰ কাম চলি আছে। চোৰাং চিকাৰীক সঠিকভাৱে বাধা প্ৰদান কৰিব পৰাকৈ Assam Protection Force আৰু Special Rhino Protection Forceক অত্যাধুনিক আগ্নায়েস্ত্ৰ প্ৰদান কৰা হৈছে বুলি জানিব দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰে। মুঠৰ ওপৰত, সমাগত বাৰিষাত হ’ব লগীয়া বানৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক উদ্ধাৰৰ বাবে এতিয়া এনে দৰেই সষ্টম হৈ পৰিছে বন বিভাগ, আৰক্ষী তথা জিলা প্ৰসাশন ৷

লগতে পঢ়কঃ অসম আৰক্ষীক সকীয়নি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.