ETV Bharat / state

বাঁহৰ চুঙাৰ বটলেৰে প্লাষ্টিকক প্ৰত্যাহ্বান জনোৱা এক সেউজীয়া প্ৰয়াস

author img

By

Published : Sep 1, 2022, 7:55 PM IST

Bamboo water bottole
বাঁহৰ চুঙাক বিশ্বত জিলিকাই তুলিলে বোকাখাতৰ চন্দনে

পদুলিৰ জপনাখনৰ পৰা বাৰীৰ শেষৰ জেওৰাখনলৈকে বাঁহ আমাৰ বহুল ব্যৱহৃত এক উদ্ভিদ (Usages of bamboo in Assam) ৷ এই বাঁহক লৈয়েই বোকাখাতৰ এজন যুৱকে ৰচিলে প্ৰকৃতিক প্ৰদূষণমুক্ত কৰাৰ এক সপোন ৷ প্লাষ্টিকৰ বটলৰ পৰিবৰ্তে বাঁহৰ চুঙাৰ প্ৰচলন কৰি সমাদৰ লাভ কৰিছে চন্দন নাথে (Bamboo water bottole) ৷

বোকাখাত, 1 ছেপ্টেম্বৰ: সেউজীয়া অসম ভূমি বাঁহৰ বাবে বিখ্যাত (Bamboo culture in Assam) ৷ পদুলিৰ জপনাখনৰ পৰা বাৰীৰ শেষৰ জেওৰাখনলৈকে বাঁহ আমাৰ বহুল ব্যৱহৃত এক উদ্ভিদ (Usages of bamboo in Assam) ৷ এই বাঁহক লৈয়েই বোকাখাতৰ এজন যুৱকে ৰচিলে প্ৰকৃতিক প্ৰদূষণমুক্ত কৰাৰ এক সপোন ৷ প্লাষ্টিকৰ বটলৰ পৰিবৰ্তে বাঁহৰ চুঙাৰ প্ৰচলন কৰি সমাদৰ লাভ কৰিছে চন্দন নাথে (Bamboo water bottole) ৷ ইতিমধ্যে কাজিৰঙালৈ অহা বহু পৰ্যটকৰ হাতত বাঁহৰ চুঙা তুলি দিছে চন্দন নাথে ৷

বাঁহৰ চুঙাক বিশ্বত জিলিকাই তুলিলে বোকাখাতৰ চন্দনে

প্লাষ্টিকৰ ষ্টিকাৰ, লেবেল আদিৰ পৰিৱৰ্তে বাঁহৰ চুঙাটোতেই Kaziranga Bamboo Bottle বুলি খোদিত কৰি অসমৰ বাঁহ শিল্পৰ এক সুকীয়া চিনাকী দাঙি ধৰিছে এই যুৱকজনে ৷ যাৰ বাবে তেওঁ 2021 বৰ্ষত India Book of records আৰু Asia book of records ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷

এইবাৰ দিল্লীত অনুষ্ঠিত হ’ব লগীয়া India book of records 2022 ৰ এক বিশেষ অনুষ্ঠানলৈ আমন্ত্ৰণ লাভ কৰিছে চন্দন নাথে (India book of records event in Delhi) ৷ ৰাষ্ট্ৰৰ বিভিন্ন বিষয়ত বিশেষ পাৰদৰ্শিতা দেখুওৱা লোকসকলক নিমন্ত্ৰণ জনোৱা হৈছে 11 ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগীয়া এই অনুষ্ঠানলৈ । 1000 টা বিভিন্ন বিষয়ৰ ভিতৰত 100 টা বিষয় নিৰ্বাচন কৰিছে কৰ্তৃপক্ষই । এই 100 টা বিষয়ৰ ভিতৰত স্থান পাইছে অসমৰ বাঁহৰ চুঙাই ।

এই সেউজ প্ৰচেষ্টা আগুৱাই নিয়াৰ বাবে চন্দন নাথক বৰ্তমান কিছু সহায়ৰ প্ৰয়োজন হৈছে ৷ সেয়ে তেওঁ চৰকাৰ তথা বিভিন্ন জাতীয় দল-সংগঠনক আহ্বান জনাইছে এই প্ৰচেষ্টা আগুৱাই নিয়াত কিঞ্চিৎ সহযোগিতাৰে হাত উজান দিবলৈ ৷

লগতে পঢ়ক: বৰাজুলি বন্য ধাননি-হাজং কচ্ছপ হ্ৰদলৈ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.