ETV Bharat / state

গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ বিভাগৰ অভিযান

author img

By

Published : Feb 26, 2020, 4:37 PM IST

income tax department raid at golaghat shop
গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ বিভাগৰ অভিযান

গোলাঘাটত কৰ বিভাগৰ অভিযান ৷ গোলাঘাট নগৰৰ মাজমজিয়া বেটা-বেটি কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গোলাঘাট বিক্ৰী কৰ বিভাগৰ অভিযান ।

গোলাঘাট, 26 জানুৱাৰী : গোলাঘাট নগৰৰ মাজমজিয়াস্থিত বেটা-বেটি কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত গোলাঘাট বিক্ৰী কৰ বিভাগৰ অভিযান । বহুদিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনে কৰ আদায় নিদিয়াক লৈ অভিযান চলাই কৰ বিভাগে । গোলাঘাট বিক্ৰী কৰ বিভাগ আৰু গোলাঘাট আৰক্ষীৰ সহযোগত চলোৱা অভিযানত কৰ ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহে । স্বতাধিকাৰী মনোহৰ বাহেতিৰ দুখন পৃথক ব্যৱসায়িক প্ৰতিষ্ঠানৰ ট্ৰেড লাইচেন্সৰ বিনিময়ত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ GST পৰিশোধ কৰি কৰ ফাঁকিৰ তথ্য পোহৰলৈ অনাৰ লগতে প্ৰতিষ্ঠানখনৰ বহু নথি-পত্ৰ জব্দ কৰে কৰ বিভাগে । আনহাতে স্বত্বাধিকাৰী মনোহৰ বাহেতিয়ে সম্পূৰ্ণ কৰ পৰিশোধ কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

গোলাঘাটৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ বিভাগৰ অভিযান

আৰু পঢ়ক : গোলাঘাটৰ পূৱ মৰঙী পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.