ETV Bharat / state

গোলাঘাটৰ পূৱ মৰঙী পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Feb 25, 2020, 7:03 PM IST

গোলাঘাটৰ পূৱ মৰঙী গাঁও পঞ্চায়তৰ বিভিন্ন আঁচনিত সংঘটিত হোৱা দুৰ্নীতিত পঞ্চায়ত কৰ্মী জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ । এনেৰেগা আঁচনিক লৈ পঞ্চায়তখনত সৃষ্টি হৈছে ব্যাপক ৰাজনীতিৰ ৷

corruption at golaghat pub morongi panchayat
গোলাঘাটৰ পূৱ মৰঙী পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

গোলাঘাট, 25 জানুৱাৰী : গোলাঘাটৰ পূৱ মৰঙী গাঁও পঞ্চায়ত ঘেৰাও স্থানীয় ৰাইজৰ ৷ পঞ্চায়তৰ বিভিন্ন আঁচনিত সংঘটিত হোৱা দুৰ্নীতিত পঞ্চায়ত কৰ্মী জড়িত থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ থুৰামুখ গাঁৱৰ একাংশ মহিলা পুৰুষে কেইবাঘন্টা ধৰি আৱদ্ধ কৰি ৰাখিলে পঞ্চায়ত সভানেত্ৰী প্ৰতীমা গগৈক ৷ নিজ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখতে এই গতি সভানেত্ৰী গৰাকীৰ । কেৱল সভানেত্ৰীয়েই নহয় পঞ্চায়ত খনৰ 8 নং ৱাৰ্ডৰ কুশল গগৈৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ । তেওঁৰ নিজৰ পঞ্চায়ত কৰ্মীয়ে দুৰ্নীতি কৰাৰ কথা নিজ মুখেৰেই ব্যক্ত কৰিলে সভানেত্ৰী গৰাকীয়ে ৷ শুনক সভানেত্ৰীৰ মুখেৰে ৷

গোলাঘাটৰ পূৱ মৰঙী পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ইফালে সভানেত্ৰীৰ ওপৰত ২০১৬-১৭ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নামঘৰ সাংস্কৃতিক পুথিভঁৰাল আৰু যুৱ সংঘৰ সাংস্কৃতিক ভৱন নিৰ্মাণৰ আৱন্টিত ধনটো লুন্ঠনৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ পঞ্চায়ত কৰ্মীৰ নেতৃত্বত অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ক্ৰয় কৰি লুন্ঠন চলাইছে চতুৰ্দশ বিত্তীয় আয়োগৰ আৱন্টিত ধন । এনেৰেগা কাম তদাৰকৰ বাবে নতুন কমিটি গঠন কৰি বিজেপি দলৰ কৰ্মীক অধিক প্ৰাধান্য দিয়াৰ অভিযোগো উত্থাপন হৈছে সভানেত্ৰীৰ বিৰুদ্ধে ।

গোলাঘাটৰ পূৱ মৰঙী পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

এনেৰেগাৰ অধীনত ঐতিহাসিক বেবেজীয়া লিকচন গোহাঁই থানৰ কামৰ বাবে আৱন্টন পাইছিল 1 লাখ 70 হাজাৰ 854 টকা । জবকাৰ্ডৰ জৰিয়তে কাম নকৰাকৈ তেওঁলোকৰ পৰিয়ালৰ লোকক তিনিটা হাজিৰা লাগিব বুলি নিৰ্দেশ দিয়ে বিজেপি দলৰ এইগৰাকী সভানেত্ৰী আৰু ৱাৰ্ড মেম্বাৰে ৷ উল্লেখ্য যে, কাম তদাৰকী পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠনৰ জৰিয়তে আৱন্টিত ধন আত্মসাতৰ অভিযোগ প্ৰতিবাদ কাৰীৰ । বিভিন্ন অভিযোগ লৈ গোলাঘাটৰ পূৱ মৰঙী পঞ্চায়ত ঘেৰাও কৰে পুৰুষ মহিলাই । সভানেত্ৰী গৰাকীৰ লগতে অভিযুক্ত পঞ্চায়ত কৰ্মীৰ বিৰুদ্ধে অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায় স্থানীয় ৰাইজে ।

আৰু পঢ়ক : গোলাঘাটত আৰম্ভ অসমৰ প্ৰথম 'অনলাইন টেক্সি সেৱা'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.