ETV Bharat / state

তেল ভৰ্তি টেংকাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

author img

By

Published : Jul 14, 2021, 1:29 PM IST

illegal liquor seized at dergaon
দেৰগাঁৱত তেল ভৰ্তি ট্ৰেংকাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

সম্পূৰ্ণ লক ডাউনৰ মাজতে জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ দেৰগাঁৱত এখন তেল ভৰ্তি টেংকাৰৰ পৰা দেৰগাঁও আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি ৷ লগতে আটক কৰে টেংকাৰৰ চালকজনক ৷

দেৰগাঁও, ১৪ জুলাই : ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিদিনে উৎখাত কৰা হৈছে বহু অবৈধ চুলাইৰ ঘাটি ৷ কিন্তু তথাপিও নাকী লগাবলৈ সক্ষম হোৱা নাই অবৈধ সুৰাৰ ব্যৱসায়ী বা সৰবৰাহকাৰীক ৷

ইফালে ক’ভিড মহামাৰীয়ে ৰাজ্যত ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ ক’ভিডৰ দ্বিতীয় ঢৌত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে বহু লোক ৷ ক’ভিড মহামাৰীৰ ভয়াবহতাৰ পৰা লক্ষ্য কৰি মঙলবাৰৰ পৰা দুদিনীয়াকৈ গোলাঘাট জিলাত বলৱৎ কৰা হৈছে সান্ধ্য আইন ৷

সম্পূৰ্ণ লক ডাউনৰ মাজতে মঙলবাৰে দেৰগাঁও আৰক্ষীয়ে এখন তেল ভৰ্তি টেংকাৰৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হৈছে ৷

তেল ভৰ্তি টেংকাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা

এফালে কৰ’ণাৰ আতংক, আনফালে লক ডাউন ৷ তাৰ মাজতে বিভিন্ন পন্থা অৱলম্বন কৰি সুৰা ব্যৱসায়ীসকলে অব্যাহত ৰাখিছে সুৰা সৰবৰাহ কাৰ্য ৷ দেৰগাঁও আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি তেল ভৰ্তি টেংকাৰখনৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ সুৰা ৷

দেৰগাঁও আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, শিৱসাগৰৰ পৰা দেৰগাঁও অভিমুখী আহি থকা NL 08 A 4434 তেল পৰিবাহী টেংকাৰখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লাহতী চাৰিআলিত জব্দ কৰে আৰক্ষীয়ে ৷ লগতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় বিষ্ণু দাস নামৰ চালকজনক ৷ বৰ্তমান দেৰগাঁও আৰক্ষীৰ জিম্মাত আছে আটকাধীন লোকজন ৷ এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷

লগতে পঢ়ক: ছয়গাঁৱত Biofloc Aquaculture পদ্ধতিৰে মৎস্য পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.